অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক লীলাকান্ত মহন্তৰ দেহাৱসান

0 252

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃWhatsApp Image 2023 02 27 at 6.50.18 PM 1 শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, ধৰ্মপ্ৰাণ ব্যক্তি লীলাকান্ত মহন্ত (৯২) ৰ আজি পুৱতি নিশা ২.১৫ বজাত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যখনত শোকৰ ছাঁ পৰে। বৰ্ষীয়ান সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পুৱতি নিশাৰ পৰা তেওঁৰ সত্ৰৰ কোঁৱৰপুৰস্থিত বাসগৃহত অগণন শুভাকাংশী উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, আদৰ্শ মাতৃ, বিশিষ্ট সাহিত্যিক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ নিৰুপমা মহন্তৰ স্বামী তথা সদ্য অৱসৰ গ্ৰহণ কৰা অসম আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্ত, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰজ্যোতি, বিশিষ্ট ব্যৱসায়ী অমৰজ্যোতি মহন্ত আৰু শ্যামকানু মহন্তৰ পিতৃ আছিল লীলাকান্ত মহন্ত। ১৯৩১ চনত কোঁৱৰপুৰত জন্মগ্ৰহণ কৰা লীলাকান্ত মহন্ত প্ৰয়াত কেশকান্ত মহন্ত আৰু যমুনাদেৱী মহন্তৰ জ্যেষ্ঠ পুত্ৰ আছিল। এটি সাংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা লীলাকান্তই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল কোঁৱৰপুৰ এম ভি স্কুলত। কোঁৱৰপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰা লীলাকান্তই যোৰহাটৰ জে বি কলেজৰ পৰা আই এ পাছ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত শ্বিলঙত উচ্চশিক্ষা গ্ৰহণৰ বাবে চেইণ্ট এন্থনী কলেজত নামভৰ্তি কৰে। তাতেই তেঁও ১৯৫৫ চনত শ্বিলঙৰ পঞ্চায়ত সঞ্চালকালয়ত চাকৰিত যোগদান কৰে। ভাৰত চৰকাৰৰ একাউণ্টছ ট্ৰেইনিংত উত্তীৰ্ণ হৈ খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰে আৰু সেই বিভাগৰ পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰে। বৈষ্ণৱ সাহিত্যৰ প্ৰতি সৰুৰে পৰা আকৃষ্ট থকা লীলাকান্তই ২০০৪ চনত শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰৰ আসনত অধিষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম সৃষ্টি অংকীয়া ভাওনাৰ এগৰাকী সফল কুশীলৱ লীলাকান্ত মহন্তই নিৰৱচ্ছিন্নভাৱে গুৰুজনাৰ ধৰ্ম, দৰ্শন, আদৰ্শ, সংস্কৃতি, সাহিত্যৰ প্ৰচাৰ, সংৰক্ষণ আৰু সংবদ্ধনৰ লগতে এই সমূহৰ যোগেদি পৰিশীলিত সমাজ ব্যৱস্থা ৰক্ষাৰ দিশত শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ যোগেদি সেৱা আগবঢাই গৈছিল। বৃন্দাবন ধাম ভাওনা উৎসৱ সমিতিৰ প্ৰতিষ্ঠাপক, কোঁৱৰপুৰ ৰাসৰ প্ৰতিষ্ঠাপক সম্পাদক, সেতুবন্ধ, নৈমিষা আদি অনুষ্ঠানৰ জন্মলগ্নৰ পৰা জড়িত লীলাকান্ত মহন্তই অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই গৈছে অনবদ্য অৱদান। ইংৰাজী সংস্কৰণৰ কল্যাণ কল্পতৰু বাই গীতা প্ৰেছ গোৰখপুৰ ইউ পি আলোচনীখন পঢ়ি অনুপ্ৰাণিত হোৱা লীলাকান্ত মহন্তই উক্ত আলোচনীৰ পৰা এশটা প্ৰৱন্ধ অসমীয়ালৈ অনুবাদ কৰিছে। ইয়াৰোপৰি ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে সাঁচিপাতৰ পুথিৰ আকাৰত বৈষ্ণৱ ধৰ্মীয় পুথি নাৰদ কাণ্ডালী সংম্বাদ, ভকতি প্ৰদীপ, কাশী নৃপতি প্ৰচন্দ পওদাকৰা, ৰিলিজ অৱ গ্ৰহা এণ্ড গজেন্দ্ৰ, চেলভেশ্বন নালা এণ্ড কুবেৰা, দ্যা ষ্টিলিং অৱ বয়জ এণ্ড ক্লেভছ বাই ব্ৰহ্মা উল্লেখযোগ্য। আনহাতে তেখেতে ৰচনা কৰি উলিয়াইছে মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ, ব্ৰহ্মপুৰাণৰ কাহিনী, বাসুদেৱ মূৰ্তিৰ অলৌকিক আৱিৰ্ভাৱ, নামঘোষা মাধুৰ্য (শ্লোক,অৰ্থ,আখ্যানসহ), সাৰ্থক যুগ্মজীৱনৰ কথা (শাস্ত্র আধাৰিত), ভাগৱত ৰসামৃত, সন্ত কথামৃত, ভক্তি ৰক্তমালা, ভজ গোবিন্দমৰ উপৰি শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ বিৰচিত নামঘোষা সম্পাদনা কৰে লীলাকান্ত মহন্তই। নিজৰ সাংসাৰিক কৰ্মজীৱনত মাজতো গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিক আৰু অধিক প্ৰচাৰ, প্ৰসাৰৰ বাবে কাম কৰা লীলাকান্ত মহন্তই অংকীয়া ভাওনাৰ প্ৰসাৰৰ বাবে বহু কাম কৰি গৈছে। অসমৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ বৰখাতপাৰ সত্ৰৰ মাধ্যমেৰে বিভিন্ন মঞ্চত অংকীয়া ভাওনা প্ৰদৰ্শন কৰাই সমাদৃত হৈছে। এইগৰাকী বৰ্ষীয়ান সত্ৰাধিকাৰে সুৰুচিৰ দৰ্প চূৰ্ণ ধ্ৰুৱৰ স্বৰ্গাৰোহন, ঊষা- অনিৰুদ্ধ, ইন্দ্ৰদ্যুম্ন উপাখ্যান, সুন্দৰা কাণ্ড, হৰিচন্দ্ৰ উপাখ্যান আদি অংকীয়া নাট ৰচনা কৰাৰ লগতে ওহি বালেকৰ কেলি আৰু প্ৰচণ্ড পৌন্ড্ৰক নাটৰ দুখন শিশু নাটো ৰচনা কৰি থৈ গৈছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা বৰ্ষীয়ান সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে কয় যে, লীলাকান্ত মহন্তই শংকৰী সাহিত্য, সত্ৰীয়া সংস্কৃতি ক্ষেত্ৰখনত বহু অৱদান আগবঢ়াই গৈছে। তেখেতৰ মন মানসিকতাত উদাৰতা, প্ৰগতিশীলতা আদি বিভিন্ন বিশেষত্বৰ সমাবেশ ঘটিছিল। তেখেতৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি। বিশিষ্ট শিক্ষাবিদ ড৹ ভীম বৰুৱাই লীলাকান্ত মহন্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমাজৰ উন্নয়নৰ বাবে কাম কৰা এগৰাকী ভক্তি পৰায়ন, বৈষ্ণৱ পণ্ডিতক হেৰুৱালো বুলি ব্যক্ত কৰে। বিশিষ্ট শিক্ষাবিদ তথা অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য জ্যোতিপ্ৰসাদ চলিহাই লীলাকান্ত মহন্তৰ মৃত্যুয়ে অসমৰ আধ্যাত্মিক আকাশৰ এটি ভোটা তৰা খহি পৰিল বুলি ব্যক্ত কৰে। বীৰাংগানা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়াই কয় যে, সত্ৰাধিকাৰ লীলাকান্ত মহন্ত এগৰাকী ব্যক্তি নহয়, এটা অনুষ্ঠান আছিল। সমাজ জীৱনৰ সৌন্দৰ্য বৃদ্ধি কৰি পৰিশীলিত মানৱ বিশ্ব নিৰ্মাণৰ বাবে তেখেতে গোটেই জীৱন নিৰলস প্ৰচেষ্টা চলাইছিল বুলি ব্যক্ত কৰে। অসম কলেজ অধ্যক্ষ পৰিষদৰ যুটীয়া সম্পাদক, গড়গাঁও কলেজৰ অধ্যক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ড৹ সব্যসাচী মহন্তই সত্ৰীয়া সংস্কৃতিৰ এগৰাকী একনিষ্ঠ সাধক সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ অকাল বিয়োগে ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি কৰিলে বুলি মন্তব্য কৰে। আজি লীলাকান্ত মহন্তৰ মৃত্যুত তেখেতৰ বাসগৃহত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম সত্ৰ মহাসভা, শিৱসাগৰ জিলা সাহিত্য সভা, কোঁৱৰপুৰ নামঘৰ সমাজ, বানমুখ চুপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ জীতেন মহন্ত, সাউদকুচী কাকজান কমাৰ খাটোৱালৰ নবীন কৃষ্ণ গোস্বামী, হিন্দু ধৰ্মসভা নামঘৰ, কাৱৈমাৰী সত্ৰ, শিৱসাগৰ প্ৰেছ ক্লাৱ, বাৰ্তাজীৱী সংঘ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আছুৰ কেন্দ্ৰীয় সমিতিৰ সমীৰণ ফুকন, ঐক্য সেনা অসমৰ লগতে শতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি তেখেতৰ মৃত্যুত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ, সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ঔদ্যোগিক আন্তগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, গড়গাঁও কলেজ ,শিৱসাগৰ জিলা বাস্কেটবল সন্থা, স্পিনাৰ্চ টেবুল টেনিছ ক্লাব, আজানপীৰ দৰগাহ পৰিচালনা সমিতি, শিৱসাগৰ জিলা প্ৰাচীন কীত্তিচিহ্ন সমিতি, শিৱসাগৰ জিলা লেখিকা সমিতি, বাঘ হাজৰিকা জাগৰণ মঞ্চ, চিপিআই ৰাজ্য পৰিষদৰ ৰাজ্যিক সম্পাদক কনক গগৈ, মনি বুঢ়াগোহাঁই, সাংবাদিক সন্থা, নাট্যপীঠকে ধৰি ভালেসংখ্যক অনুষ্ঠান- প্ৰতিষ্ঠান ব্যক্তিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আজি বৰখাতপাৰ সত্ৰৰ স্থানৰ পৰা গায়ন বায়নৰ সহিতে তেখেত নশ্বৰদেহ দিখৌপাৰলৈ আনি বহু গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত পত্নীৰ লগতে পাঁচগৰাকী পুত্ৰসহিতে এটি বৃহৎ পৰিয়ালক ইহসংসাৰত এৰি থৈ যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More