অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত

সাজু হৈ উঠিছে বৃহৎ মণ্ডপ-শিবিৰ

0 138

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনলৈ মাজত মাথোঁ আৰু ৬টা দিন বাকী আছে৷ ইতিমধ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো প্ৰস্তুতি তুংগত উঠিছে৷ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বৰখামটি পথাৰত তথা মণিকাঞ্চন ক্ষেত্ৰত এইবাৰ ৭৭৬ বিঘা মাটিত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনক লৈ সকলো এতিয়া ব্যস্ত হৈ পৰাৰ লগতে সমগ্ৰ নাৰায়াণপুৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ প্ৰায় ৬ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা এই অধিৱেশন উপলক্ষে ইতিমধ্যে নিৰ্মাণ কৰা বিভিন্ন কাৰ্যালয়, শিবিৰ আদি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ সমান্তৰাল ভাৱে স্মৃতিগ্ৰন্থৰ কামো আগবঢ়াই নিছে উপসমিতিখনে৷ ইতিমধ্যে মণিকাঞ্চন ক্ষেত্ৰত সাহিত্যসভাৰ মুখ্য কাৰ্যালয় নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ একেদৰে অধিৱেশনলৈ অহা যোৱা কৰাৰ বাবে নিৰ্মাণ কৰা পথসমূহ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে৷ সেইদৰে মণিকাঞ্চন ক্ষেত্ৰত সাজু হৈ উঠিছে বৃহৎ সাংস্কৃতিক মঞ্চ, ভোজনালয়ৰ লগতে ৰান্ধনি গৃহ সমূহ৷ মূল মণ্ডপৰ লগতে প্ৰদৰ্শনী, গ্ৰন্থমেলা আদিৰ কামকাজ পূৰ্ণগতিত অব্যাহত আছে৷WhatsApp Image 2023 01 24 at 7.27.49 PM ইফালে সাহিত্যসভাৰ অধিৱেশন উপলক্ষে বিত্ত সমিতিলৈ বিভিন্ন স্থানৰ পৰা বৰঙণি অহাৰ লগতে সমান্তৰাল ভাৱে খাদ্য সমিতিয়েও থলুৱা খাদ্যৰে অতিথিসকলক আপ্যায়নৰ বাবে সাজু হৈছে৷ উল্লেখনীয় যে সুদীৰ্ঘ কালৰ পিছত নাৰায়ণপুৰত এই অধিৱেশন অনুষ্ঠিত কৰাক লৈ সকলোশ্ৰেণীৰ লোকে হাত উজান দিছে৷ অধিৱেশনস্থলীত তেনেদৰে পোহৰ, পানী যোগান, তোৰণ আদিৰ কামো উপ-সমিতিসমূহে যুদ্ধকালীন প্ৰস্তুতিৰে চলাই নিয়া পৰিলক্ষিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More