অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলীত বিধায়ক-আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এন এছ এছৰ তীব্ৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় সেৱা বাহিনী প্ৰমুখক অপমানঃ অধিৱেশনলৈ ৰাজনীতিকক ৰঙা দলিচাঃ ব্যাপক প্ৰতিক্ৰিয়া

0 34

 ঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন৷ তদুপলক্ষে নাৰায়ণপুৰৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হোৱাৰ সময়তে আজি বিয়লি অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এনে প্ৰতিবাদ জনায়৷ বিধায়ক অমিয় কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়াক অসৌজন্যমূলক আচৰণ কৰাৰ ফলস্বৰূপেই আজি এনেদৰে ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্ছাৰ হৈ পৰে৷ ৰাষ্ট্ৰীয় সেৱা বাহিনীয়ে বিধায়কজনৰ তুচ্ছ তাচিল্যৰ মন্তব্যৰ বিৰোধিতা কৰি এনে মন্তব্য শীঘ্ৰে উঠায় লবলৈ অথবা ক্ষমা খুজিবলৈ দাবী জনায়৷ প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি ৪ মান বজাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, এন এছ এছৰ প্ৰমুখ তথা অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ স্বেচ্ছাসেৱক উপ-সমিতিৰ সম্পাদক ড॰ দীপক দাসক সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাই অপমানসূচক মন্তব্য কৰে৷ দাসে আজি এন এছ এছৰ কেডেট সকলক লৈ অধিৱেশনস্থলীত বিয়লি স্বচ্ছতাৰ লক্ষ্যৰে উপনীত হোৱাৰ সময়তে এনেদৰে বিধায়কজনে প্ৰমুখজনক ইতিকিং কৰাৰ লগতে এই কেডেটসকলক সশস্ত্ৰ প্ৰশিক্ষণ দিছ নেকি বুলি কৰা মন্তব্যত কেডেটসকল ক্ষুব্ধ হৈ পৰে আৰু বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে৷ তেওঁলোকে অমিয় ভূঞা গ’ বেক, সাহিত্য সভাত অমিয় ভূঞাৰ দাদাগিৰি নচলিব, অমিয় ভূঞাই ক্ষমা খোজক আদি ধবনি দি অধিৱেশনৰ মূল তোৰণৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অমিয় ভূঞাই ৰাজহুৱা ভাৱে ক্ষমা নোখোজা পৰ্যন্ত মাধৱদেৱ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি কোৱাৰ লগতে বিধায়ক ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নি দিয়ে৷ আনহাতে অসম সাহিত্য সভাৰ নিমন্ত্ৰণী পত্ৰত আটাইকেইদিনৰ কাৰ্যসূচীত একোজনকৈ ৰাজনীতিকক আমন্ত্ৰণ জনোৱা কাৰ্যক লজ্জাজনক আখ্যা দিছে একাংশ সাহিত্যনুৰাগী লোকে৷ সাহিত্যসভাৰ কাৰ্যসূচীলৈ ২১জনকৈ ৰাজনীতিকক আমন্ত্ৰণ জনোৱাৰ বিপৰীতে সাহিত্যিকক উপেক্ষা কৰা কাৰ্যই সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সাহিত্য সভাৰ মুকলি সভালৈ অসমৰ মুখ্যমন্ত্ৰী, অৰুণাচলৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম মন্ত্ৰীসভাৰ প্ৰায়কেইজন মন্ত্ৰীৰ লগতে বহু ৰাজনীতিকক আমন্ত্ৰণ জনোৱা কাৰ্যই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More