Browsing Category

অসম

নাওবৈচাৰ যুৱনেতা জিণ্টু হাজৰিকাক অসম প্ৰদেশ কংগ্ৰেছৰ  সম্পাদক নিয়োগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৪ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নাওবৈচাৰ যুৱনেতা জিন্টু হাজৰিকাক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে  ২২ জানুৱাৰীত  এক বিবৃতিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি বেনোগোপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ণাংগ কমিটীখন নিযুক্তি দিয়ে। কংগ্ৰেছৰ যুৱনেতা জনক এনেদৰে সম্পাদক হিচাপে নিৰ্বাচিত কৰাত লখিমপুৰত আনন্দ উল্লাসৰ সৃষ্টি হৈছে।

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জানুৱাৰী : 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷ এই জি-২০ সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হব ৫ খনকৈ বৈঠক ৷ সন্মিলনৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱ প্ৰজন্মক আগন্তক জি-২০ সন্মিলনৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ সহযোগিতাত বিভিন্ন…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২৩ জানুৱাৰীঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড° গুনীন্দ্ৰ নাথ শৰ্মাই। সভাৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী তথা মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ উৎপল দত্তই। সেই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি ৰাজ কুমাৰ ছাৰাফে। আদৰণি ভাষণ…

শিৱসাগৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুণৰ মৃত্যুঃ ৯ টা অসুস্থ অৱস্থাত উদ্ধাৰ

শান্তিপুৰ চিতলীয়া নাওজান পথাৰত হোৱাইট বেক— হিমালয়ান গ্ৰিফনৰ মৃত্যুঃ   ঘটনাস্থলীত ডি এফ অ, পশু চিকিৎসক সহ বন বিভাগৰ বৃহৎ দল উপস্থিতঃ বন বিভাগৰ জোৰদাৰ অনুসন্ধান আৰম্ভ

আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭  "দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE AFSACL" ৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হৈছে।উল্লেখ্য যে, সাহিত্যৰ অনুৰাগী হাতীকাকতি বৰুৱাই ইতিমধ্যে তিনিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে অসমীয়া আৰু হিন্দী সাহিত্য চৰ্চা কৰি আন তিনিখন গ্ৰন্থও প্ৰকাশৰ বাবে সাজু হৈছে। বিগত ১৩ নবেম্বৰ তাৰিখে লক্ষ্নৌৰ…

ঢাকাৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ “অনুৰ – আইজ অন দ্যা চানচাইন” সমালোচকৰ দ্বাৰা…

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জানুৱাৰী : অসমৰ বিশিষ্ট গল্পকাৰ - সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "ভালপোৱাৰ সময়" নামৰ এটা বিখ্যাত গল্পৰ আধাৰত যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ দ্বাৰা ডা০ গোপেন্দ্ৰ মোহন দাসৰ প্ৰয়োজনাত  ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত পৰিচালক তৰালী শৰ্মাৰ সংগীতেৰে মুক্তিৰ পূৰ্বেই বহুল চৰ্চিত হোৱা "অনুৰ - আইজ অন দ্যা চানচাইন" যোৱা ১৮ জানুৱাৰীত ঢাকাত অনুষ্ঠিত হোৱা ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "ৱৰ্ল্ড চিনেমা নাও" শিতানত…

ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ প্ৰকাশ কৰে যে সম্প্ৰতি লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি৷ ভাল কাম কৰিলে দলীয় টিকট পাব পূৰ্বৰ সাংসদেও৷ অৱশ্যে এইক্ষেত্ৰত দলে লব সিদ্ধান্ত৷ কাক দলীয় টিকট দিব সেয়া নিৰ্ণয় কৰিব দলে৷ কিন্তু নিৰ্বাচনৰ বাবে সাংগঠনিক কাম কাজ অব্যাহত আছে বিজেপি দলৰ ৷ আজি তেজপুৰত এইদৰে প্ৰকাশ কৰিলে দেশৰ…

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ’ব আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ,

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰী: জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ প্ৰেৰণ কৰা হ'ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত যোৱা ৭ জানুৱাৰীত সম্পাদিত বুজাবুজি চুক্তিৰ অধীনত দেশৰ এই অগ্ৰণী হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানখনে অসমৰ হৃদৰোগী শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব। জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা গুৰুতৰ হৃদৰোগী শিশুসকলক এই প্ৰথমটো দলত আহমেদাবাদলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে…

বৰছলাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,২১জানুৱাৰী: শোণিতপুৰৰ ৭২ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বৰছলা বিধানসভা সমষ্টিৰ আমগুৰি চাপৰিৰ একাংশ কৃষক ৰাইজক কৃষিভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীয়ে অব্যাহত ৰাখিছে পাইপলাইনৰ স্হাপন কাৰ্য৷কৃষক ৰাইজে ভূমিৰ ক্ষতিপূৰণ বিচাৰি ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীৰ দায়িত্বত থকা বিষয়াক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও কৃষক…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More