ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ ত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আদৰণি সমিতিয়ে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ প্ৰায় ৭৭৬ বিঘা ভূমিৰে আগুৰা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হ’ব৷ সু-খবৰ যে এইবাৰ সাহিত্য সভাৰ এই নাৰায়ণপুৰ অধিৱেশনত গামোচাত প্ৰদৰ্শিত হ’ব অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীৰ হুবহু প্ৰতিচ্ছবি৷ অধিৱেশনৰ প্ৰদৰ্শনী মেলাত এই বিশিষ্ট…
উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰবিন চন্দ্ৰ বৰাই৷ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে কুশল শইকীয়াই ৷আনহাতে দিনৰ ১১ বজাৰ পৰা মূল অধিবেশনখন আৰম্ভ হয় ৰবিন চন্দ্ৰ বৰাৰ সভাপতিত্বত৷ সম্পাদক প্ৰশান্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা অধিবেশনত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই মুখ্য অতিথি হিচাপে বক্তব্য…
কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো সংঘটিত হৈছিল যোৱা ৩১ডিচেম্বৰৰ নিশা৷অঞ্চলটোৰ এগৰাকী মহিলাৰ তিনি সন্তান ঘৰত নথকাত মহিলা গৰাকী ঘৰত অকলশৰে থকাৰ বাবে কাষৰীয়া পৰিয়াল এটাৰ কিশোৰীগৰাকীক নিশা অকলশৰে থকা মহিলাগৰাকীৰ ঘৰত থাকিবৰ বাবে মাতি নিয়ে৷কিশোৰীৰ পিতৃক মহিলাগৰাকীয়ে কৰা অনুৰোধমৰ্মেই কিশোৰীক মহিলাগৰাকীৰ লগত থাকিবলৈ পঠিয়াই দিয়ে আৰু…
লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজকে মৰ্মাহত কৰি তুলিছে৷ লালুক থানাৰ অন্তৰ্গত ১ নং কৰুনাবাৰীৰ নিৱাসী এইগৰাকী বৰেণ্য ব্যক্তিৰ যোৱানিশা প্ৰায় ৯-৩০ বজাত নিজ বাসগৃহতে পৰলোকগামী হয়৷ দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থাকি বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৬১ চনত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ
শোণিতপুৰ জিলাৰ ৯০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীৰ উপস্থিতিত তেজপুৰত "মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য" শীৰ্ষক গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি
লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয়৷ পুৱা ৬ বজাত সামূহিক চাফাইৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে জিলা সভাপতি যুগ্মজ্যোতি দত্তই৷ সভাপতি গৰাকীয়ে তেখেতৰ বক্তব্যত আজিৰ এই মহেন্দ্ৰ ক্ষণত অসমবাসী হিন্দু সমাজখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিহেতু ৩১ বছৰীয়া পৰিক্ৰমাত অসমৰ জনগণৰ আৰ্শীবাদ, চেনেহ তথা পৰামৰ্শৰে আজি এই পৰ্য্যায়ত…
ভালুকপুঙত ডিটেনেটৰ বিস্ফোৰণত আহত ছাত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি থকা এডাল ডিটেনেটৰ ঘৰলৈ লৈ আহে৷ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱৰ তথা ষষ্ঠ শ্ৰেণীৰ ৰশ্মী বসুমতাৰীয়ে ঘৰলৈ আহি নিজৰ পঢ়া টেবুলতে থৈ দিয়া ডিটেনেটৰডাল বিয়লি চাৰিবজাত বিস্ফোৰণ ঘটাত ছাত্ৰী গৰাকী আহত হয়৷সম্প্ৰতি ছাত্ৰী গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ আঘাতৰ বাবে…
তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে চি পি আই এম দলে। আজি তেজপুৰৰ জয়মতী পথাৰত আয়োজিত এখন জনসভাত চি পি আই (এম) দলৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মিছলীয়া আখ্যা দি কয় যে…
মাৰ্ঘেৰিটাত ব্যাপক হাৰত অব্যাহত কয়লাৰ চোৰাং খনন
মুকলিকৈ চলি আছে ৫৬টা প্ৰদুষণকাৰী কুক ক’ল উদ্যোগ : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ পত্ৰ
উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স জিমটো মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে। মেট্ৰিক্সৰ স্বত্বাধিকাৰী দুলুমণি মহন্তই জনোৱা মতে পুৰুষৰ বাবে মুকলি কৰা মেট্ৰিক্স জিমটো পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈকে শৰীৰ চৰ্চাৰ বাবে মুকলি থাকিব। আজিৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তথা মিষ্টাৰ ইউনিভাৰ্ছ দীপক গগৈয়ে ভাষণত কয় যে শৰীৰ…