অস্বাভাৱিক ভাৱে দিখৌ নদীত ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৫ এপ্ৰিলঃ বিগত এটা পষেকধৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ মাজতেই শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈপৰীয়া জনজীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ অস্বাভাৱিক পৰিৱৰ্তনে চিন্তিত কৰি তোলাৰ লগতে আতংকৰো সৃষ্টি কৰিছে ৷ আনহাতে এটা দিনৰ পূৰ্বৰে পৰা এই বাতৰি প্ৰেৰণ কৰা লৈকে দিখৌ নদীত ভয়ংকৰ ৰূপত ওপঙি উঠিছে থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ ৷ পুঁৱতি নিশা প্ৰায় ৪ মান বজাৰ পৰাই দিখৌৰ গাঢ় নীলা জলৰাশিত ওপঙি উঠিছিল অসংখ্য অদ্ধমৃত থলুৱা মাছ ৷ হঠাৎ ওপঙি উঠা প্ৰকাণ্ড, প্ৰকাণ্ড লিঠা, বৰালী, আৰি, বাহু, পিঠিয়া মাছ ধৰিবলৈ দিখৌ নদীত জনতাৰ ভিৰ লাগিছিল৷ উল্লেখ্য যে তিনিদিন মানৰ পূৰ্বে দিনে নিশাই অব্যাহত থকা বৰষুণৰ মাজতেই দিখৌ নদীত কলা বৰণৰ ঘোলা পানী প্ৰৱাহিত হোৱা বুলি নৈপৰীয়া বহু ব্যক্তিয়ে জানিবলৈ দিছে ৷ আনহাতে দিখৌ নদীৰ উৎপতি স্থলৰ সমীপত দিখৌ নদীৰ পাৰে পাৰে ব্যাপক ৰূপত কয়লাৰ মুক্ত খনন আৰু মজুত কৰণ চলি আছে ৷ অৱৈধ কয়লাৰ চোৰাং ব্যৱসায়ীয়ে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকিৰে নদীৰ গড়াৰ কাষত লাখ লাখ টন কয়লা জমা কৰি আহিছে ৷ ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা নিগৰিত পানী একাকাৰ হৈ দিখৌৰ বুকুত বিষক্ৰিয়া ঘটিয়েই এনেদৰে বৃহত সংখ্যক থলুৱা মাছ ওপঙি উঠা বুলি সন্দেহ, আশংকাক লৈ ৰাইজৰ মাজত চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীয়ে হঠাৎ সলনি কৰিলে নিজৰ বক্ষৰ পানী ৷ তিনিদিনৰ পূৰ্বৰ ছাই মিহলি ঘোলা পানীৰ পৰিৱৰ্তে হঠাৎ দিখৌ নদীৰ জলৰাশি উগ্ৰ গাঢ় নীলা বৰণৰ হৈ পৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ সাধাৰণতে পৰিলক্ষিত হোৱা নীলা জলৰাশিৰ পৰিৱৰ্তে আজি পুৱাৰ পৰা পৰা পৰিলক্ষিত হোৱা দৃশ্য আছিল সম্পুৰ্ণ সুকীয়া ৷ নদীখনৰ ঠাইয়ে ঠাইয়ে উগ্ৰ গাঢ় নীলা জলৰাশিৰ পৰিৱৰ্তে কলা ছাই বৰণীয়া পানীৰ এটা অস্বাভাৱিক প্ৰলেপো দৃষ্টি গোচৰ হৈছে ৷ বিশেষকৈ নদীৰ গঢ়াৰ কাষৰ পানীত ছাই বৰণীয়া প্ৰলেপটো অধিক দৃষ্টি গোচৰ হৈছে ৷ইফালে নদীৰ ওপৰতেই জীৱন জীৱিকা নিৰ্ভৰশীল নদীপৰীয়া ৰাইজৰ মাজত এই অস্বাভাৱিক ঘটনাই আতংক, কৌতহূলৰ লগতে ঔৎসূক্যৰ সৃষ্টি কৰিছে ৷কিয়নো নদীৰ পানীৰ ওপৰতেই দৈনন্দিন কাম কাজ নিৰ্ভৰশীল পৰিয়াল সমুহে অজান আশংকাত এই পানী খোৱাৰ লগতে ব্যৱহাৰ কৰাৰ পৰাও বিৰত আছে ৷হঠাৎ নদী খনৰ অস্বাভাৱিক জলৰাশিৰ ৰং সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷অৱশ্যে কি কাৰণত নদীৰ পানীয়ে এনে অস্বাভাৱিক বৰণ লৈছে সেই সন্দৰ্ভদ ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই যদিও সচেতন মহলে এইয়া অৱৈধ কয়লা খনন, মজুদ কৰণৰ ফলত সৃৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে জীৱন ৰেখা স্বৰূপ চিৰ যৌৱনা খৰস্ৰোতা দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতেই চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে ৷ সচেতন মহলে তাৎক্ষণিকভাৱে চৰকাৰ প্ৰশাসনক দিখৌ নদীত পৰিলক্ষিত হোৱা অস্বাভাৱিক হোৱা পানীৰ বৰণ পৰিৱৰ্তনৰ আঁৰত ৰাসায়নিক বিষক্ৰিয়া নে স্বাভাৱিক পৰিৱৰ্তন সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহব্বান জনাইছে ৷ অন্যথাই সময় থাকোতেই যদি যথোচিত কাৰ্য্যপন্থা গ্ৰহণ নকৰে তেন্তে নদীখনৰ থলুৱা মাছ কাছৰ লগতে নদীখনৰ প্ৰতিও ভয়ংকৰ বিপদ নামি অহাতো নিশ্চিত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More