অহা বছৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

ইছৰোৰ গগনযানৰ প্ৰস্তুতি প্ৰায় শেষ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাই : কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) জিতেন্দ্ৰ সিঙে বহু প্ৰত্যাশিত গগনযান অভিযানৰ বিষয়ে আশাপ্ৰদ তথ্য প্ৰকাশ কৰিছে । তেওঁ কয় যে মহাকাশযানৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ শেষলৈকে দুটাকৈ ট্ৰায়েল সম্পন্ন কৰা হ’ব। অহা বছৰ ভাৰতীয় বংশৰ এজন বা দুজন মহাকাশচাৰী মহাকাশলৈ যাব পাৰে বুলিও তেওঁ কয়। সংবাদ সংস্থা এএনআইৰ মতে, মন্ত্ৰীগৰাকীয়ে কয় যে, যদিও প্ৰথম ট্ৰায়েলত কোনো নাছিল, তথাপি দ্বিতীয়টোত এটা মহিলা ৰবট (আকাশচাৰী) প্ৰেৰণ কৰা হ’ব। যাৰ নাম ‘ব্যোমমিত্ৰ’ ৰখা হৈছে। এই দুটা অভিযানৰ আধাৰত মহাকাশচাৰীসকলে তৃতীয় অভিযানৰ বাবে মহাকাশলৈ যাত্ৰা কৰিব পাৰে। মোৰাদাবাদত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মহাকাশ আৰু পৃথিৱী বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, ভাৰত বিশ্বৰ মঞ্চত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দ্ৰুতগতিত উন্নতি কৰা দেশত পৰিণত হৈছে। সেই দৌৰ অব্যাহত ৰাখি ২০২৩ চনত মহাকাশলৈ উপগ্ৰহৰ লগতে মহাকাশযান পঠোৱাৰ প্ৰস্তুতি চলি আছে। ইয়াৰ পূৰ্বে জুন মাহত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছিল— ‘‘হিউমেন মিছন টেষ্ট উন্নত স্তৰত উপনীত হৈছে। মহাকাশ আৰু সাগৰ উভয়তে পৰীক্ষা চলি আছে। অতি সম্ভৱ যে ২০২৩ চনৰ দ্বিতীয়াৰ্ধত আমি ডাঙৰ অগ্ৰগতি লাভ কৰিম।” তদুপৰি মে’ মাহত এখন আলোচনা চক্ৰত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছিল— “এই মানৱ অভিযানৰ জৰিয়তে ভাৰতে মহাকাশভিত্তিক সেৱাৰ ক্ষেত্ৰত বিশ্বক আগুৱাই নিব পাৰিব। বৰ্তমান সময়ত মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। বিশ্বৰ আন কোনো দেশতে উন্নয়ন আৰু আন্তঃগাঁথনি কাৰ্যসূচীত মহাকাশ প্ৰযুক্তিৰ ইমান ব্যাপক আৰু বৈচিত্ৰময় ব্যৱহাৰ কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে গতি লাভ কৰিছে।” উল্লেখযোগ্য যে যোৱা ৩০ জুনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ. সোমনাথে কৈছিল— ‘’ বহু প্ৰত্যাশিত গগনযান অভিযানৰ অধীনত দেশৰ প্ৰথমটো মানৱসজ্জিত মহাকাশ যাত্ৰা হয়তো এই বছৰ বা অহা বছৰ নহ’বও পাৰে। কাৰণ কোম্পানীয়ে সকলো সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব বিচাৰে।” ইয়াৰ উপৰি ইছৰ’ৰ মুৰব্বীগৰাকীয়ে কৈছিল— ‘’এয়া এক অতি গুৰুত্বপূৰ্ণ অভিযান। যেতিয়া মানুহক মহাকাশলৈ পঠিওৱা হয় তেতিয়া সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিব লাগে। বাৰে বাৰে নিৰাপত্তা পৰীক্ষা কৰা হৈছে। আমি বহুত সাৱধান হ’ব লাগিব।” লগতে তেওঁ কৈছিল যে, অহা বছৰৰ মাজভাগত এটা পৰীক্ষা আৰু মানৱবিহীন অভিযান সম্পূৰ্ণ কৰা হ’ব যাতে সকলো ঠিকেই আছেনে নাই সেয়া নিশ্চিত কৰিব পৰা যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More