অৰণাচলৰ পৰা হিমালয়ৰ মাজেৰে কাৰ্গিললৈ ৫০ উৰ্ধৰ ভাৰতীয় মহিলা দলৰ অভিযান অব্যাহত

জুলাইৰ শেষৰফালে উপনীত হ'ব চূড়াত গন্তব্যত

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুন : নেপালত এমাহৰ যাত্ৰাকে ধৰি তিনিমাহৰ দীঘলীয়া কঠোৰ ট্ৰেকিঙৰ পিছত ৫০ বছৰতকৈ অধিক বয়সৰ অল উইমেন ট্ৰেন্স হিমালয়ান অভিযানৰ দলটোৱে পুনৰ ভাৰতৰ মাটিত উপস্থিত হৈ নিজৰ মিছনৰ তৃতীয় অংশটো সম্পূৰ্ণ কৰিছে। নেপালত এমাহ কটাবলগীয়া হোৱা দলটো ভাৰতীয় উপমহাদেশত অভিযানৰ অন্তিম অংশৰ বাবে আগ্ৰহী বুলি ১৪ জুনত টাটা ষ্টীলৰ এক বিবৃতিত প্ৰকাশ। এই যাত্ৰা আৰম্ভ হৈছিল ২০২২ চনৰ ১২ মাৰ্চত ভাৰত-ম্যানমাৰ সীমান্তৰ পাং-ছাউ গিৰিপথত। ৫০-৬৮ বছৰ বয়সৰ ১২ গৰাকী মহিলাৰ এটা দলেৰে। বচেন্দ্ৰী পালৰ নেতৃত্বত দলটো ৫ মাহৰ দীঘলীয়া যাত্ৰাত নামিছিল পূবৰ অৰুণাচল প্ৰদেশৰ পৰা পশ্চিমৰ লাডাখলৈকে। তেওঁলোকে হিমালয়ৰ চৰম সীমা অতিক্ৰম কৰি ৪,৯৭৭ কিলোমিটাৰ অতিক্ৰম কৰিছে। টাটা ষ্টীলে এই অভিযানৰ পৃষ্ঠপোষকতা কৰিছে। দলটোৱে ভাৰতীয় উপমহাদেশৰ চাৰিখন ৰাজ্য– অৰুণাচল প্ৰদেশ, অসম, উচ্চ পশ্চিম বংগ আৰু ছিকিমৰ মাজেৰে ৬৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ বিপৰীতে পশ্চিম, মধ্য আৰু পূব নেপালত ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিছিল। দলটোৱে ৩,৭২৭ফুট উচ্চতাত থকা পাংছাউ গিৰিপথেৰে অভিযানৰ আৰম্ভণি কৰিছিল। ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰত অৱস্থিত এই গিৰিপথে অসমৰ ভৈয়ামৰ পৰা বাৰ্মাত প্ৰৱেশৰ অন্যতম সহজ পথৰ সুবিধা প্ৰদান কৰে। বয়সৰ বাধা নেওচি দলটোৱে অভিযানৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিদিনে গড়ে ২৫ কিলোমিটাৰ খোজ কাঢ়িছিল আৰু সময়ৰ লগে লগে ক্ৰমান্বয়ে দূৰত্ব বৃদ্ধি কৰিছিল। এইটোৱেই আছিল অভ্যস্তকৰণ পৰ্যায় য’ত অংশগ্ৰহণকাৰী মহিলাসকলে সহায়ক কৰ্মচাৰীসকলৰ সৈতে পাহাৰৰ পৰিস্থিতিৰ লগত নিজৰ শৰীৰটো খাপ খুৱাই লৈছিল। নেপালৰ ওখ পাহাৰীয়া গিৰিপথবোৰ অতিক্ৰম কৰি অৱশেষত দলটো পুনৰ ভাৰতীয় মাটিত উপনীত হৈছে। দলটো অন্নপূৰ্ণা চাৰ্কিট ৰুটৰ মাজেৰে ট্ৰেকিং কৰি নেপালৰ মুক্তিনাথত উপস্থিত হয়। এটা পাহাৰৰ পৰা আন এটা পাহাৰলৈ ট্ৰেকিং কৰিবলৈ হাই পাছসমূহ বিভাজিত কৰি ৫০ বছৰতকৈ অধিক বয়সৰ মহিলা দলটো এতিয়ালৈকে সৰ্বোচ্চ ১৭,৭৬৯ ফুট উচ্চতাত থোৰাংলা পাছত উপনীত হয়। দলটো ১৮,৩০০ ফুট উচ্চতাত থকা ফাৰংগলা পাছ আৰু ১৭,৩৩০ ফুট উচ্চতাৰ লামখাগা পাছৰ দৰে ভাৰতীয় উপ-মহাদেশৰ অধিক প্ৰত্যাহ্বানমূলক গিৰিপথ অতিক্ৰম কৰিবলৈ সাজু হৈছে। এই অভিযান জুলাই মাহৰ শেষৰ সপ্তাহৰ ভিতৰত কাৰ্গিলৰ চূড়ান্ত গন্তব্য স্থানত উপনীত হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More