অৰুণাচলত অপহৰণকাৰীৰ গুলীত আহত বিজেপি নেতাৰ গাড়ীচালকৰ মৃত্যু
সন্ধান নাই অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ : মুক্তিপণ ৫ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মে’ : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোত যোৱা ২৬ এপ্ৰিলৰ নিশা সংঘটিত অপহৰণ কাণ্ডৰ সময়ত দুষ্কৃতিকাৰীৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত অৰুণাচলৰ বিজেপি নেতা চাও জেনিয়া নামচুমৰ গাড়ীচালক মিঠাই মাৰাণ্ডীৰ (২৮) মঙ্গলবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ৷ ইফালে এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো ২৬ এপ্ৰিলৰ নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা ২৬ এপ্ৰিলৰ নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰিছিল৷ কেচিয়াৰজনক লগত লৈ যুৱকৰ দলটো ডিপোৰ পৰা ৰাওনা হোৱাৰ সময়ত আততায়ীৰ ওপৰত ফ্লাচ লাইটেৰে পোহৰ নিক্ষেপ কৰাৰ বাবে অপহৰণকাৰী দলে তিনি জাঁই গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হৈছিল জিলা পৰিষদ সদস্য নামচুমৰ গাড়ীচালক মিঠাই মাৰাণ্ডী ৷ আহত মাৰাণ্ডীক প্ৰথমে নামচাইত চিকিৎসা প্ৰদানৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন মাৰাণ্ডীৰ কেইবাটাও গুৰুতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় যদিও কালি তেওঁ নিয়তিৰ ওচৰত হাৰ মানে ৷ উল্লেখ্য, অপহৰণকাৰীয়ে দিনেশ কুমাৰ শৰ্মাক পদব্ৰজে অসমৰ দিশে লৈ যোৱা বুলি প্ৰকাশ ৷ এই ঘটনাৰ পাছতে অৰুণাচল আৰক্ষীয়ে সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সহযোগত অপহৃত দিনেশ কুমাৰ শৰ্মাৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰখাৰ উপৰি ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰিছে যদিও আজিলৈকে কোনো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীকো সষ্টম কৰি দিয়াৰ লগতে অসম-অৰুণাচল সীমান্তত নিৰাপত্তা বাহিনী অধিক মোতায়েন কৰা হৈছে ৷ ইফালে অপহৰণ কাণ্ডৰ লগত কোন উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও ৰূপম অসমৰ নেতৃত্বত আলফাৰ (স্বাধীন) দ্বাৰা এই অপহৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ অপহৃতক মুকলি কৰি দিয়াৰ বিনিময়ত মুক্তিপণ দাবী কৰি কাৰোবাৰ সৈতে যোগাযোগ কৰা হৈছে নেকি সেই বিষয়েও আনুষ্ঠানিকভাৱে কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ জানিব পৰা মতে উক্ত দিনা কেচিয়াৰ শৰ্মাক অপহৰণ কৰি নিয়াৰ সময়ত অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে ৫ কোটিৰ ব্যৱস্থা কৰাৰ বাবে মালিকক জনাবলৈ পেট্ৰল ডিপোটোৰ আন তিনিজন কৰ্মচাৰীক নিৰ্দেশ দি গৈছিল ৷