অৰুণাচলত গাঁওবুঢ়া অপহৰণ : এন এছ চি এনক সন্দেহ

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা পুনৰ সংঘটিত হৈছে এক অপহৰণৰ ঘটনা । এইবাৰ অপহৰণৰ কবলত পৰিছে চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ এজন গাঁওবুঢ়া । সন্দেহ কৰা মতে অপহৰণকাণ্ডৰ লগত জড়িত আছে এন এছ চি এনৰ ’কে-ৱাই এ’ গোট । জানিব পৰা মতে নাগালেণ্ডৰ মন জিলাৰ পৰা লংডিং জিলাত প্ৰবেশ কৰা এন এছ চি এনৰ ’কে-ৱাই এ’ গোটৰ সশস্ত্ৰ কেডাৰে ভীতি প্ৰদৰ্শন কৰি লংডিং জিলাৰ লৌকছিম গাঁৱৰ গাঁওবুঢ়া নাফ’ বহামক দেওবাৰে পুৱতি নিশা অপহৰণ কৰি নিয়ে । উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বে এন এছ চি এনৰ ’কে-ৱাই এ’ গোটে লংডিঙত পথ নিৰ্মাণত জড়িত ৩ জন শ্ৰমিকক অপহৰণ কৰি নিয়াৰ পৰৱৰ্তী পৰ্যায়ত টিৰাপ আৰু লংডিঙৰ ১২০ জন গাঁওবুঢ়াই নিদ্ৰা হৰণকাৰী এন এছ চি এনৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল । গাঁওবুঢ়াসকলৰ এই কাৰ্যই স্বাভাৱিকভাৱে ক্ষুব্ধ কৰি তুলিছিল এন এছ চি এনক । এনে পৰিস্থিতিত গাঁওবুঢ়া এজনৰ অপহৰণ যথেষ্ট চিন্তনীয় বিষয় বুলি বিবেচিত হৈছে । নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে ঘটনাৰ পাছৰ পৰাই অব্যাহত ৰাখিছে ব্যাপক কম্বিং অপাৰেচন ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More