অৰুণাচলত দুমাহে সন্ধানহীন দুই যুৱকঃ চীনা সেনাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : প্ৰায় দুমাহ ধৰি সন্ধানহীন হৈ আছে অৰুণাচলৰ দুজন যুৱক। চীন সীমান্তৰ ওচৰৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হয় এওঁলোক। ঔষধি উদ্ভিদ বিচাৰি হাবিত প্ৰৱেশ কৰাৰ পিছৰ পৰাই নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে। সন্ধানহীন যুৱককেইজনৰ পৰিয়ালৰ লোকে অনুমান কৰিছে যে দুই যুৱকক সম্ভৱতঃ চীনা সেনাই বন্দী কৰি ৰাখিছে। সন্ধানহীন যুৱক দুজন হৈছে বটেলিয়াম টিকৰো আৰু বাইংছ’ মনু। তেওঁলোক ১৯ আগষ্টত ঘৰৰ পৰা ওলাই আহিছিল। তেওঁলোক ঔষধি উদ্ভিদ বিচাৰি অৰণ্যলৈ ওলোৱা বুলি পৰিয়ালৰ লোকক জনাই আহিছিল। প্ৰথম অৱস্থাত যুৱক দুজন ঘৰলৈ উভতি নহা বাবে তেওঁলোকৰ পৰিয়ালৰ লোক বিষয়টোক লৈ চিন্তিত হোৱা নাছিল। অৱশেষত নিৰুদ্দেশ হোৱা যুৱক দুজনৰ পৰিয়ালে ৯ অক্টোবৰত আৰক্ষীক এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁলোকে দাবী কৰিছে যে দুই যুৱকে হয়তো ভুলতে চীনৰ সীমান্ত অতিক্ৰম কৰিছে। সেইবাবেই আৰক্ষীৰ সহায় অতি প্ৰয়োজনীয়। যুৱক দুজনক বিচাৰি ফুৰাৰ সময়তে আৰক্ষীয়ে জানিবলৈ দিয়ে যে যোৱা ২৪ আগষ্টত স্থানীয় ৰাইজে শেষবাৰৰ বাবে তেওঁলোকক দেখা পাইছিল। তাৰ পিছৰ পৰা যুৱক দুজনৰ অৱস্থান সন্দৰ্ভত আৰক্ষী অন্ধকাৰত। স্থানীয় আৰক্ষীয়ে দুৰ্গম অঞ্চলত যুৱক দুজনক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে অৱগত কৰিছে। জানিব পৰা গৈছে যে দুৰ্গম স্থানত সন্ধান চলোৱাৰ বাবে সেনাৰ সহায় লোৱাটো অতি প্ৰয়োজনীয়। নহলে যুৱক দুজনক বিচাৰি উলিয়াবলৈ বহু সময় লাগিব। আৰক্ষীৰ হিচাপ অনুসৰি দুই যুৱকে হয়তো সীমান্ত পাৰ হোৱা নাই। ভাৰতৰ সীমাৰ ভিতৰতে হয়তো ক’ৰবাত আবদ্ধ হৈ থাকিব পাৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত চীন সীমান্তত এজন ভাৰতীয় যুৱক একেদৰেই সন্ধানহীন হৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰিছিল চীনা সৈন্যই। পৰৱৰ্তী সময়ত ভাৰতৰ কূটনৈতিক হেঁচাত চীনা সেনাই তেওঁক ঘূৰাই দিবলৈ বাধ্য হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More