অৰুণাচলত পথ নিৰ্মাণৰ বাবে বি আৰ অ’ই ব্যয় কৰিব ১,৪০০ কোটি

0 8

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : দেশৰ সীমান্তৱৰ্তী অঞ্চলত পথ নিৰ্মাণকাৰ্য্যত নিয়োজিত বৰ্ডাৰ ৰ’ডছ অৰগেনাইজেছন (বি আৰ অ’) নামৰ সংস্থাটোৱে অৰুণাচল প্ৰদেশত পথ নিৰ্মাণৰ বাবে এইটো বৰ্ষত প্ৰায় ১,৪০০ কোটি টকা ব্যয় কৰিব । উল্লেখ্য যে বি আৰ অ’ই ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত প্ৰায় ১,০০০ কোটি টকাৰ পথ নিৰ্মাণ কৰি আছে । চলিত বৰ্ষত বিভিন্ন প্ৰকল্পৰ অধীনত বি আৰ অ’ই অৰুণাচলত প্ৰায় ১,৩০০-১,৪০০ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰিছে যদিও বহুসময়ত বন সংক্ৰান্তীয় অনুমোদন লাভ কৰাত পলম হোৱাৰ বাবে এটা প্ৰকল্প সম্পূৰ্ণ হৈ উঠাত নিৰ্ধাৰিত সময়তকৈ বহু বেছি সময়ৰ প্ৰয়োজন হয় । উল্লেখ্য যে চীনৰ সৈতে থকা ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণ দেশৰ নিৰাপত্তাৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More