অৰুণাচলত প্ৰবল ভূমিস্খলনত জীৱন্তে সমাধিস্থ শিশুসহ এটা পৰিয়ালৰ ৩ জন

বৰ্হিবিশ্বৰ সৈতে যোগাযোগ বিছিন্ন একাধিক ঠাইৰ

0 9

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ এপ্ৰিল : এসপ্তাহৰো অধিক দিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ একাধিক প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলন আৰু বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে । বৰ্হিজগতৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে চুবুৰীয়া ৰাজ্যখনৰ একাধিক প্ৰান্ত । ইফালে ৰাজ্যখনৰ কুৰুংকুমে জিলাত ভূমিস্খলনৰ ফলত এটি শিশুসহ একেটা পৰিয়ালৰে ৩ জন লোক জীৱন্তে সমাধিস্থ হোৱাৰ বাতৰি পোৱা গৈছে । শোকাবহ ঘটনাটো দেওবাৰে নিশা সংঘটিত হয় যদিও নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত বাহিৰৰ জগতৰ সৈতে সংযোগ বিছিন্ন হৈ পৰাৰ বাবে এই বিষয়ে আজিহে আনুষ্ঠানিকভাৱে জানিব পৰা গৈছে । সূত্ৰমতে দেওবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ ফলত কুৰুংকুমে জিলাৰ ছুলুং টাপিং গাঁৱত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰ এটি শিশুসহ ৩ জন লোকে কৰুণভাৱে প্ৰাণ হেৰুৱায় । জীৱন্তে সমাধিস্থ হোৱা লোককেইজন ক্ৰমে ছাৰিউ টংডাং (৫০), তেওঁৰ পত্নী ছাৰিউ য়াজিক (৪৮) আৰু তেওঁলোকৰ ৮ বছৰীয়া পুত্ৰ ছাৰিউ টাকাৰ বুলি প্ৰকাশ । এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আন দুজন লোকৰ । উল্লেখ্য যে দেওবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ ফলত কুৰুংকুমে জিলাৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে জিলা সদৰ ক’ল’ৰিয়াং বৰ্হিবিশ্বৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More