অৰুণাচলত ভাৰতৰ দ্বিতীয়টো বৃহত্তম নদীবান্ধ নিৰ্মাণৰ প্ৰস্তুতি

বিনিয়োগ হ'ব ৫০,০০০ কোটি টকা

0 117

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে’ : কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে অলপতে এটা সাক্ষাৎকাৰত ঘোষণা কৰিছে যে, অৰুণাচলৰ উচ্চাংশত অচিৰেই এটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাৰ ইয়ংকিয়াংত নিৰ্মাণ কৰিবলগীয়া এই বান্ধটো ভাৰতবৰ্ষৰ দ্বিতীয় বৃহত্তম নদীবান্ধ হ’ব আৰু ইয়াত প্ৰায় ১০ বিলিয়ন ঘন মিটাৰ পানী সঞ্চিত কৰি ৰাখিব পৰা যাব। মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা ইন্দিৰা সাগৰ বান্ধটোৰ জল ধাৰণ ক্ষমতা হৈছে ১২.২ বিলিয়ন ঘন মিটাৰ আৰু ই এতিয়ালৈকে ভাৰতৰ বৃহত্তম নদীবান্ধ। মন্ত্ৰী গৰাকীৰ মতে চীনে ব্ৰহ্মপুত্ৰৰ উজনি অংশত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ বান্ধ আৰু নদীখনৰ জলৰাশি আন দিশলৈ বোৱাই নিয়াৰ পৰিকল্পনাৰ ফলত ভাৰতত উদ্ভৱ হ’ব পৰা জল নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য কৰি এই প্ৰকল্পটোৰ নিৰ্মাণ অৱশ্যম্ভাৱী হৈ পৰিছে। প্ৰকল্পটোৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৫০,০০০ কোটি টকা। উল্লেখযোগ্য যে, চীনে তেওঁলোকৰ চতুৰ্দশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুযায়ী য়াৰলং চাংপো বা ব্ৰহ্মপুত্ৰ যিটো অঞ্চলেদি ভাৰতৰ অৰুণাচলত প্ৰৱেশ কৰিছে সেই ‘Great Bend’ এলেকাত বিশ্বৰ বৃহত্তম নদীবান্ধ এটা নিৰ্মাণৰ যোগেদি ৬০,০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ আঁচনি গ্ৰহণ কৰিছে। তদুপৰি য়াৰলং চাংপো (তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম) আৰু ইয়াৰ উপনদীসমূহৰ পৰা পানী চীনৰ মৰুময় অঞ্চললৈ বোৱাই নিয়াৰো পৰিকল্পনা দেশখনে হাতত লৈছে। মন্ত্ৰী গৰাকীৰ মতে ব্ৰহ্মপুত্ৰ নদীয়েদি প্ৰবাহিত হোৱা বৃহৎ ৫০০ বিলিয়ন ঘন মিটাৰ জলভাগৰ ৭৫ শতাংশই ইয়াৰ অৱবাহিকা অঞ্চলৰ পৰাই লাভ কৰে। খৰালি কালত তিব্বত মালভূমিৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰৰ জলভাগৰ কিছু শতাংশ পূৰ কৰে। চীনৰ এই আঁচনি সমূহ ৰূপায়িত হ’লে ভাৰত আৰু বাংলাদেশৰ মাজেদি প্ৰবাহিত হোৱা নদীখনৰ স্বাভাৱিক জলস্ৰোতৰ চৰিত্ৰ যে কিছু সলনি হ’ব সেইয়া নিশ্চিত। কিন্তু কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটে চীনৰ এই কাৰ্যৰ দ্বাৰা আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই বুলি কোৱাৰ বিপৰীতে ভাৰতৰ জল নিৰাপত্তাৰ বাবে ইয়ংকিয়ংৰ প্ৰস্তাৱিত বৃহৎ বান্ধটোৰ আৱশ্যকতা আছে বুলিও দোহাৰিছে। তেওঁ কয় যে, এই বান্ধটোত পানী সঞ্চিত কৰি বানপানী প্ৰতিৰোধৰ লগতে জলবিদ্যুৎ উৎপাদন কৰিব পৰা যাব আৰু খৰালি কালত বান্ধত জমা ৰখা পানী নদীসমূহলৈ প্ৰবাহিত কৰিব পৰা হ’ব।
৫০,০০০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া ইয়ংকিয়ংৰ এই বান্ধটো প্ৰস্তাৱিত আপাৰ ছিয়াং বহুমুখী প্ৰকল্পেৰে এটা অংশ। মন্ত্ৰী গৰাকীৰ মতে ইয়াৰ বাবে ধনৰ প্ৰশ্নটো অবান্তৰ, দেশৰ জল নিৰাপত্তাৰ স্বাৰ্থতেই প্ৰকল্পটো নিৰ্মাণ কৰা উচিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More