অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিশ ফুট ওপৰৰ পাহাৰৰ পৰা ৰঙানদীত পৰিল এল্ট

ক’হিমা-কাৰ্বি আংলঙৰ দুই যুৱকৰ কৰুণ মৃত্যু

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ জুন ঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পলমকৈ আজি পোহৰলৈ আহিছে ৷ সেই নিশা পাহাৰৰ ৪০০ ফুট ওপৰৰ পৰা এখন বাহন তলৰ ৰঙানদীত পৰাৰ ফলত ক’হিমা আৰু কাৰ্বি আংলঙৰ দুজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা আজিহে পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি তথা লখিমপুৰৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ নিলগৰ অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ৰ নিশা মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন এল্ট’ গাড়ী দুৰ্ঘটনাত পতিত হয়৷ কিমিন পাহাৰৰ অতি বিপজ্জনক স্থান হিচাপে পৰিচিত জিৰ’ ৰোডৰ পৰা এই বাহনখন পাহৰৰ ওপৰৰ পৰা প্ৰায় ৪০০ ফুট তলত থকা ৰঙানদীৰ বক্ষত পৰেগৈ৷ ফলত বাহনখনত থকা দুই আৰোহী ক’হিমা বিধানসভাৰ অন্তৰ্গত অনুপ বৰা আৰু কাৰ্বি আংলঙৰ মনোজ বড়ো নামৰ দুই যুৱকৰ গাড়ীৰ ভিতৰতে মৃত্যু ঘটে৷ দুৰ্ঘটনাটো ইমানেই ভংয়কৰ আছিল যে পানীৰ মাজত এল্ট’ গাড়ীখন ওলোটা হৈ পৰি যোৱাৰ লগতে গাড়ীখনৰ কেৱল চকা কেইটাহে ওলাই আছিল৷ আৰক্ষীয়ে পলমকৈ খবৰ লাভ কৰি বহু কষ্টৰে দুৰ্গম স্থানৰ পৰা গাড়ীখন কালি উদ্ধাৰ কৰাৰ সময়ত গাড়ীৰ ভিতৰত উৱলি যোৱা অৱস্থাত অনুপ বৰা আৰু মনোজ বড়োৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ ইতিমধ্যে দুয়োজনৰ মৃতদেহ কিমিন আৰক্ষীয়ে মেঘালয় আৰু অসম আৰক্ষীৰ সহযোগত তেওঁলোকৰ পৰিয়ালক চমজাই দিছে৷ এই ঘটনাই লখিমপুৰতো চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More