অৰুণাচলত ‘হিমালয়ান বাৰ্ড কাউণ্ট’ নথিভুক্ত হ’ল ৭০টা প্ৰজাতিৰ চৰাই

0 73
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মে’ : অৰুণাচল প্ৰদেশত হিমালয়ান পক্ষী গণনাৰ (Himalayan Bird Count) সময়ত কমেও ৭০টা ভিন্ন প্ৰজাতিৰ চৰাই গণনা কৰা হয়। পশ্চিম প্ৰান্তৰ লাডাখৰ পৰা পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশলৈকে এয়াই প্ৰথমবাৰৰ বাবে হিমালয়ান চৰাই গণনা (HBC) কাৰ্যসূচী। যাৰ লক্ষ্য আছিল অবিশ্বাস্য চৰাইৰ বৈচিত্ৰ্যক উদযাপন কৰা আৰু হিমালয়ৰ বিপন্ন বাসস্থানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা। বাৰ্ড কাউণ্ট ইণ্ডিয়া (Bird Count India), বাৰ্ড কনজাৰ্ভেচন নেপাল (Bird Conservation Nepal) আৰু ভূটানস্থিত ৰয়েল ছ’চাইটি ফৰ প্ৰটেকচন অৱ নেচাৰ (Royal Society for Protection of Nature)-এ হিমালয়ান এলেকাৰ পক্ষী গণনাক এক উমৈহতীয়া ৰূপ দি একত্ৰিত কৰিবলৈ আয়োজন কৰিছিল এই পক্ষী গণনা কাৰ্যসূচী। নামনি সোৱণশিৰি জিলাৰ জিৰোত আপাতানি যুৱ সন্থা, নুনু জিৰো আৰু জিৰো বাৰ্ডিং ক্লাবৰ সহযোগত আয়োজন কৰা এই পক্ষী গণনাত হিমালয়ৰ বাকী ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশ বাৰ্ডিং ক্লাবেও অংশগ্ৰহণ কৰে। ১৬ মে’ত জিলাখনৰ বন বিষয়াসকলে জনোৱা মতে, ১৪ মে’ত শীতকালীন পৰিভ্ৰমী জলচৰ চৰাইৰ ঘৰ ছিখে হ্ৰদত হিমালয়ান চৰাই গণনা আৰম্ভ হৈছিল আৰু ১৫ মে’ত টেলে বন্যপ্ৰাণী অভয়াৰণ্যৰ পাংগে শিবিৰত সমাপ্ত হয়। একেৰাহে বৰষুণ দি থকাৰ পাছতো স্থানীয় পক্ষী নিৰীক্ষক বামিন চাডা আৰু মিলো তাকোৰ নেতৃত্বত দলসমূহে, টেলে বন্যপ্ৰাণী অভয়াৰণ্যৰ ছিখে হ্ৰদ আৰু পাংগে শিবিৰত ৭০টা ভিন্ন প্ৰজাতিৰ পক্ষী গণনা কৰিবলৈ সক্ষম হয়। এই জৰীপৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ তথ্যসমূহৰ ভিতৰত আছে গাডৱাল, ছিকিম ট্ৰিক্ৰিপাৰ, মিচেছ গ’ল্ডছ ছানবাৰ্ড, চুলতান টিট, ব্লু ফ্ৰন্টেড ৰবিন আৰু মাউণ্টেইন টেইলাৰবাৰ্ড। এই কাৰ্যসূচীত হাফলি বন সংমণ্ডল আৰু ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগে সহায় কৰিছিল বুলি জানিব পৰা গৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More