অৰুণাচলত ৰাষ্ট্ৰপতি পদৰ প্ৰ‍াৰ্থী দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচনী প্ৰচাৰ

সংবাদ মাধ্যমৰ পৰা আঁতৰত মুৰ্মু

0 25

গুৱাহাটী,৬ জুলাইঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুৱা অসমৰ পৰা ইটানগৰত উপস্থিত হয়। উল্লেখ যে মঙলবাৰে ত্ৰিপুৰা আৰু মণিপুৰত প্ৰচাৰ চলাই নিশা গুৱাহাটীত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী। অসমত প্ৰচাৰ চলাই আজি পুৱা অৰুণাচললৈ ৰাওনা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতীমা ভৌমিক, বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক লগত লৈ আজি ইটানগৰৰ ৰাজভৱন হেলিপেডত পুৱা প্ৰায় দহ বজাত উপস্থিত হয় ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী। মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, বিজেপিৰ ৰাজ্যিক সভাপতি বিউৰাম ৱাগে, গৃহমন্ত্ৰী বামাং ফেলিক্স, বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চোনা, সাংসদদ্বয় টাপিৰ গাৱ, নাবাম ৰেবিয়া আদিৰ লগতে আন বহু মন্ত্ৰী-বিধায়কে মুৰ্মুক উষ্ণ আদৰণি জনায়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ উপস্থিতিত ৰাজ্যখনৰ বিজেপি আৰু মিত্ৰদল জে ডি ইউ, এন পি পি আৰু নিৰ্দলীয় বিধায়কৰ উপস্থিতিত দ্ৰৌপদী মুৰ্মুয়ে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট বিচাৰে। বিধায়ক, সাংসদ আৰু বিজেপিৰ নেতাসকলৰ লিপ্ত হোৱা এই বৈঠকখনৰ পৰা অৱশ্যে সংবাদমাধ্যমক আঁতৰাই ৰখা হয়। ইটানগৰৰ বেংকুৱেট হলত আয়োজিত সভাখনত সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়ে অৰুণাচল প্ৰদেশলৈ আহি ভাল লগা বুলি কোৱাৰ লগতে অৰুণাচল প্ৰদেশ অতি সুন্দৰ বুলি প্ৰকাশ কৰাৰ বাহিৰে সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিলে। আনকি সততে সংবাদ মাধ্যমত সৰৱ হৈ থকা সম্বিত পাত্ৰয়ো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে এটাও শব্দ প্ৰকাশ নকৰিলে। জানিব পৰা মতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে দলীয় প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ বাবেই এইদৰে নিৰবে নিৰ্বাচনী প্ৰচাৰ চলাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More