অৰুণাচলৰ টিপ্পিত ভয়ংকৰ ঢলে উটুৱাই নিলে তিনি বাহন :চালকক উদ্ধাৰঃ পথ বন্ধ

0 25

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ টিপ্পিত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে৷ কালি বিয়লি প্ৰায় ৩-৩০বজাত লুমুন জলপ্ৰপাতৰ সমীপত হঠাত পানী আৰু মাটিৰ ধলে উটুৱাই নিয়ে ভালুকপুং অৰুণাচল পথৰে গৈ থকা তিনিখনকৈ বাহন৷ এএছ১২ই৮৬৫৪ নম্বৰ টেংকাৰ, এএছ১২চিচি০৯৬০নম্বৰৰ বলেৰ’ পিকআপ আৰু এখন অ’মনি ভান এই প্ৰৱল ভূমিস্খলনত পথৰ পৰা উটি গৈ কামেং নৈৰ তীব্ৰ সোঁতত ভাঁহি যায়৷ সৌভাগ্য ক্ৰমে বাহন তিনিওখনৰ চালকক সুৰক্ষিত ভাবে উদ্ধাৰ কৰা হয়৷ ইয়াৰে ভিতৰত দুজন চালকক বিনয় কুমাৰ পাচোৱান(৪৮)আৰু মুকতাৰ হুছেইন(৩৩)বুলি চিনাক্ত কৰা হৈছে৷ ঘটনা সন্দৰ্ভত আজি সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি,এই ভূমিস্খলনৰ পাছতে পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷ লুমুন জলপ্ৰপাতৰ পৰা ৪৬কিলোমিটাৰ দূৰত্বত বন্ধ হৈ পৰা পথৰ দুয়োপাৰে অসংখ্য যান বাহন আৱদ্ধ হৈ পৰিছে৷ ইতিমধ্যে পথচোৱা মুকলি কৰাৰ বাবে চেষ্টা চলোৱা হৈছে যদিও অঞ্চলটোত বৰষুণ আৰু ইয়াৰ মাজে মাজে পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ থকাত পথচোৱা মুকলি কৰাটো সম্ভৱ হোৱা নাই৷ সম্প্ৰতি একাঁঠু বোকামাটিৰ তলত পোতগৈ আছে এই গুৰুত্বপূৰ্ণ পথচোৱা৷ উল্লেখযোগ্য যে,এই ঘটনাই স্হানীয় ৰাইজক আতংকিত কৰি তুলিছে৷IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More