অৰুণাচল প্ৰদেশৰ ডনি প’ল’ বিমানবন্দৰৰ পৰা উৰিল প্ৰথমখন বিমান

0 54

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৰ হোলংগীস্থিত ড’নি প’ল’ বিমানবন্দৰৰ পৰা আজি সোমবাৰে (২৮ নৱেম্বৰ) প্ৰথমখন বিমান ফ্লেগ অফ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰথমখন বিমান ফ্লেগ অফ কৰে। ইণ্ডিগ’ বিমান সংস্থাৰ ইটানগৰৰ পৰা কলকাতা হৈ মুম্বাইলৈ যাবলগীয়া বিমানখন মন্ত্ৰীজনে ফ্লেগ অফ কৰে। নতুন দিল্লীৰ পৰা কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রীজনে বিমানখন কাৰ্যতঃ ফ্লেগ অফ কৰে৷ অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱেও ভাৰ্চুৱেলভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ ডনি প’ল’ বিমানবন্দৰটো উদ্বোধন কৰিছিল।

FioxUbkVQAANT tভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই ৪১০০ বৰ্গমিটাৰ এলেকাত আনুমানিক ৬৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই বিমানবন্দৰটো। এই বিমানবন্দৰটোৱে প্ৰতি ঘণ্টাত ২০০ জন যাত্ৰীৰ ভিৰ চম্ভালিব পাৰে। ২৩০০ মিটাৰ ৰাণৱে থকা বিমান বন্দৰটোত বয়িং ৭৪৭ বিমানো উঠা-নমা কৰিব পাৰিব। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ এই বিমানবন্দৰটো ৰাজ্যখনৰ প্রথমটো অসামৰিক বিমানবন্দৰ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More