অৰুণাচল প্ৰদেশ আৰু অসমৰ নিৰ্বাচিত চাহ খেতিয়কক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত পাঁচদিনীয়া  প্ৰশিক্ষণ

0 24

শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ  অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ নিৰ্বাচিত চাহ খেতিয়কসকলক লৈ অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পাঁচদিনীয়া বিশেষ চাহ আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মূলত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত চাহ খেতিৰ প্ৰসাৰ আৰু উত্তৰণ ঘটোৱাৰ বাবে লোৱা পদক্ষেপৰ অধীনত ‘বিশেষ চাহ প্ৰস্তুত প্ৰণালী আৰু জৈৱিক চাহ উৎপাদনৰ কৃষি কৌশল’ বিষয়ক পাঁচদিনীয়া এই প্ৰশিক্ষণ শিবিৰত অৰুণাচল প্ৰদেশৰ আৰু অসমৰ ১৬ জন প্ৰগতিশীল চাহ খেতিয়কে অংশ গ্ৰহণ কৰে ।বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটোত উপস্থিত থাকি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে অসমৰ চাহ বুলিলে পূৰ্বৰ কেৱল ব্লেক টি ধাৰণাৰ বিপৰীতে গ্ৰীণ টি, হোৱাইট টি ,অৰ্থডক্স টি, আদি নতুন ধৰণৰ চাহৰ সৈতে পৰিচয় হৈ সেইসমুহৰ উৎপাদন আৰু বিপননৰ জৰিয়তে ৰাজ্যৰ সামগ্ৰিক চাহ উদ্যোগক আগুৱাই নিব লাগিব ।অসমৰ চাহৰ ক্ষেত্ৰত মুল্য সংযোজন জৰিয়তে সম্পৰীক্ষাৰে আগবঢ়া ব্যৱসায়ে নতুন নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে । আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে চাহৰ ক্ষেত্ৰতো বিভিন্নতাৰ সৃষ্টি হৈছে । সেয়ে প্ৰযুক্তি কৌশলৰ সৈতে যুৱ প্ৰজন্মই চাহৰ ক্ষেত্ৰত ভিন্নমুখী দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব । চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড° গৌতম শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে চাহৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱসায়িক মনোবৃত্তিৰে কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ সৈতে মুল্য সংযোজনৰ দিশটো লক্ষ ৰাখি সংগঠিত ৰূপত অসমৰ চাহ উদ্যোগক আগুৱাই নিব লাগিব । কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই প্ৰযুক্তি কৌশলৰ যথোচিত ব্যৱহাৰেৰে কম মুল্যত গুণগত মাণদণ্ডৰ চাহ উৎপাদন কৰি বিশ্বৰ চাহ উদ্যোগত অসমক আগত ৰাখিব লাগিব বুলি কয় ।অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞাই পৰিবৰ্তিত পৰিস্থিতিত আধুনিক সা সুবিধাৰ সঠিক প্ৰয়োগেৰে ঐতিহ্যশালী অসমৰ চাহ উদ্যোগৰ পূৰ্বৰ মৰ্যাদা অক্ষুন্ন ৰাখিব লাগিব বুলি মত ব্যক্ত কৰে । উত্তৰ পূৱ প্ৰযুক্তি প্ৰয়োগ কেন্দ্ৰ নতুন দিল্লীৰ সৌজন্যত যোৱা ২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটোত চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী মৃদুল ডেকাই উন্নত কৃষি ব্যৱস্থাপনাৰ অবিহনে চাহৰ মানদণ্ড উন্নত কৰিব পৰা নাযাব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কৃষক সকল অধিক সজাগ হব লাগিব বুলি উল্লেখ কৰে । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা শাখাৰ সভাপতি জীৱন শইকীয়াও বক্তব্য ৰখা অনুষ্ঠানটোত কেবাজনো প্ৰশিক্ষাৰ্থীয়েও নিজৰ অনুভৱ ব্যক্ত কৰে । অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ইন্দ্ৰপ্ৰসাদ চাহেৱালাইও অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More