অৰ্ধ আকাশে শক্তিশালী কৰিব দেশৰ নৌসেনা

প্ৰথম পৰ্যায়ৰ ১০ শতাংশ অগ্নিবীৰ হ'ব মহিলা

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই : ইতিমধ্যে ১০ হাজাৰৰো অধিক মহিলাই ভাৰতীয় নৌসেনাত অগ্নিপথ প্ৰকল্পত যোগদান কৰিবলৈ আবেদন কৰিছে। ভাৰতীয় নৌসেনাই ১ জুলাইৰ পৰা অগ্নিপথ বাহিনীৰ পদৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। প্ৰথম পাঁচ দিনত বিপুল সংখ্যক আবেদনৰ বাবেই যুৱক-যুৱতীসকলৰ উৎসাহ উজ্বলি উঠিল। অগ্নিবীৰৰ প্ৰথমটো বেটচৰ কমেও ১০ শতাংশ মহিলা হ’ব বুলি ভাৰতীয় নৌসেনাই প্ৰকাশ কৰিছে। অস্ত্ৰ-শস্ত্ৰ, বৈদ্যুতিক আৰু নৌসেনাৰ বায়ু বলবিজ্ঞান, যোগাযোগ (অপাৰেচন) আৰু যোগাযোগ (ইলেক্ট্ৰনিকছ যুদ্ধ) আদিৰ উপযোগী হোৱাকৈ মহিলাসকলক নৌসেনাত নিযুক্তি দিয়া হ’ব। নৌসেনাৰ এগৰাকী বিষয়াই জনোৱা মতে, দীৰ্ঘদিনীয়া পৰম্পৰা ভংগ কৰি জাহাজত থকা মহিলা বিষয়াসকলক ইতিমধ্যে চাকৰিৰ সুযোগ দিয়া হৈছে। প্ৰথমবাৰৰ বাবে অগ্নিবীৰ প্ৰকল্পৰ জৰিয়তে মহিলাসকলে নাৱিক হিচাপে ভাৰতীয় নৌসেনাত যোগদান কৰিব পাৰিব। অগ্নিপথ প্ৰকল্পক কেন্দ্ৰ কৰি প্ৰতিবাদৰ মাজতো দেশৰ একাংশ যুৱক-যুৱতীৰ মাজত অগ্নিবীৰ হোৱাৰ উৎসাহ ইমানেই বেছি যে শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাত এই প্ৰকল্পৰ বাবে আবেদনকাৰীৰ সংখ্যাই অভিলেখ গঢ়িছে। বিমান বাহিনীৰ বাবে বৰ্তমানলৈকে অগ্নিবীৰৰ বাবে মুঠ ২ লাখ ৬০ হাজাৰ আবেদন দাখিল কৰিছে। নৌসেনাতো দেখা গৈছে একেখন ছবি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More