অৱশেষত লখিমপুৰৰ নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু

ৰাজ্য চৰকাৰৰ প্ৰশাসনিক অনুমোদন

0 28

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ জুলাইঃ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, দল সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক্ৰঙিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰাত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখনীয় কথা যে লখিমপুৰ নগৰৰ পৰা ৰঙাজান সংযোগী পথটোত নকাড়ীত ৰেলৱে ক্ৰচিঙত এখন অভাৰবীজ বা উৰণীয়া সেতু নির্মাণ নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি এই পথৰ যাত্রী, যানবাহন আৰোহী, ৰোগী, ছাত্র-ছাত্রী, ব্যৱসায়ী, কৰ্মচাৰী আদিয়ে দুর্ভোগ ভুগি আহিছে। অৱশেষত চৰকাৰে উক্ত স্থানত আৰ অ’ বি নিৰ্মাণৰ বাবে ২১ জুলাইত প্রশাসনিক অনুমোদন প্রদান কৰাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি নকাৰী ৰেলৱে ক্ৰচিঙত এখন আৰ অ’ বি তথা উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে গড়কাপ্তানি (পথ) বিভাগক ডি পি আৰ নিৰ্মাণৰ বাবে ৬৫ লাখ ৮ হাজাৰ টকা অনুমোদন জনাইছে। অৱশ্যে ইয়াৰ সম পৰিমানৰ ধন ৰেল বিভাগে ব্যয় কৰিব। এই ডিটেইল প্রজেক্ট ৰিপৰ্ট নিৰ্মাণৰ বাবে গড়কাপ্তানি (পথ) বিভাগক ৰাজ্য চৰকাৰে নির্দেশ দি উৰণীয়া সেঁতুৰ বাবে প্রয়োজনীয় ভূমি, গৃহ নির্মাণ আদিৰ বাবে তাৎক্ষণিক ভাবে আঁচনি প্রস্তুতৰ নিৰ্দেশ দিছে। দীর্ঘদিন ধৰি এই পথটোত বিশেষকৈ নকাড়ী ৰেল ত্রুচিঙত যিকোনো সময়ত ৰেল অহাৰ সময়ত গেট বন্ধ হৈ পৰাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া ৰোগীসহ বিভিন্ন লোকে হাৰাশাস্তি ভোগ কৰি আহিছিল। এই পথটোৰে নকাড়ী ৰেলৱে ত্রুচিং পাৰ হৈ যোৱাৰ পিছতহে লীলাবাৰী বিমান কোঠ, লীলাবাৰী ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কার্যালয়, চাবতিৰ সেনা ছাউনি, উত্তৰ লখিমপুৰ চেইন্ট মেৰিজ হাইস্কুল, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উপস্থিত হ’ব পাৰি। যাৰ ফলত বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে উক্ত স্থানত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More