অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মেদিনী বৰুৱাৰ বিয়োগ

0 22
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৭জুলাইঃ তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সৰবৰহী মহিলা মেদিনী বৰুৱা(৯০)ৰ আজি নিজা বাসগৃহত বিয়োগ ঘটিছে। মাজগাঁও গাঁও পঞ্চায়ত অন্তৰ্গত মহাভৈৰৱ বৰুৱাচুবুৰী নিবাসী তথা বিদ্যানুৰাগী বৰুৱাই ১৯৩২ৰ পাঁচ আগষ্টত জন্ম গ্ৰহণ কৰিছিল। শৈশবৰে পৰাই মেধাৰ পৰিচয় দিয়া এইগৰাকী মহিলাই স্ত্ৰী শিক্ষাৰ অনগ্ৰসৰতাৰ সময়তে ইংৰাজী বিষয়ত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।উল্লেখযোগ্য যে, শিশুসকলৰ সতে অন্তৰংগতা গঢ়ি তোলা এইগৰাকী সমাজ সচেতন মহিলাই স্থানীয় শিশুসকলক শিক্ষাৰ গুৰুত্ব তথা কাকত, গ্ৰন্থ আদি অধ্যয়নৰ বাবে আগ্ৰহী কৰাৰ লগতে নিৰ্বাচিত চলচ্চিত্ৰৰ বিষয়েও জনাইছিল। তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি সুদীৰ্ঘকাল শিক্ষকতা কৰা তেওঁ তেজপুৰৰ এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী হিচাপে যেনেদৰে পৰিচিত হৈছিল একেদৰেই বৃহত্তৰ অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় আৰু সন্মানীয় মহিলা আছিল। আত্মসন্মান আৰু স্বাভিমানক গুৰুত্ব দি স্থানীয় বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ প্ৰতি সহযোগিতা আগবঢ়াই অহা এইগৰাকী অবিবাহিতা বিদ্যানুৰাগী মহিলা যোৱা কিছুসময় বাৰ্দ্ধক্যজনিত অসুস্থতাত ভূগী আহিছিল যদিও চিকিৎসাৰ জৰিয়তে শেষ পৰ্যন্ত সুস্বাস্থ্যৰ অধিকাৰীণী আছিল। শেষলৈকে নিয়মীয়াকৈ বাতৰি কাকত পঢ়াৰ লগতে দেশ,ৰাজ্যৰ খবৰ ৰখা বৰুৱাৰ আজি দিনৰ ৩-২০বজাত বিয়োগ ঘটে। বিদূষী মহিলা গৰাকীৰ বিয়োগত  নটৰাজম কলা মন্দিৰ,উত্তৰ তেজপুৰ ৰঙালী বিহু সন্মিলন আদি স্থানীয় অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বিয়োগৰ সময়ত বহু আত্মীয় তথা গুণমুগ্ধক এৰি যোৱা বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া বিয়লি ঘৰপৰা চুবুৰীস্থিত দৌলগুৰি ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More