অ’ এন জি চিৰ ভুৱা বিষয়া ৰাণা পগাগক মাজুলীত মাৰাথান জেৰা

তিনিটা বেংক একাউণ্ট চিজ:৫ দিন আৰক্ষী জিম্মাত

0 18
শতাব্দ প্ৰতিনিধি,মাজুলী,১৮ মে’: মাজুলীত ৰাণা পগাগক মাৰাথান জেৰা আৰক্ষীৰ।নগাঁৱৰ পৰা মঙ্গল বাবে মাজুলীলৈ অনা পগাগক আজি মাজুলী আৰক্ষীয়ে আদালতত হাজিৰ কৰে।অ’ এন জি চিৰ বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত নিজকে চিনাকি দি বিভিন্ন মহলত ঠিকা আৰু অন্যান্য সংস্থাপনেৰে প্ৰলোভিত কৰি বিভিন্ন স্থানত বিভিন্ন ব্যক্তিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি নিজ ভাবি পত্নীয়ে তৰা গোচৰৰ ভিত্তিত জেলৰ ভাত খাবলৈ সক্ষম হোৱা প্ৰবঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীৰ তিনি এগৰাকী ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মাৰ,অজিত বৰা আৰু ৰঞ্জন কুটুমে পৃথকে তিনিটাকৈ গোচৰ ৰুজু কৰিছিল। গড়মূৰ থানাত ৰুজু হোৱা  20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC আৰু 22/22 US 120-B/170/406/419/420 IPC মৰ্মে  প্ৰৱঞ্চক ৰাণা পগাগক মহামান্য আদালতৰ সন্মতি সাপেক্ষে মাজুলী আৰক্ষীয়ে জিম্মাত লৈ আজি পুৱা বেলা গড়মূৰ থানাত হাজিৰ কৰাই জেৰা কৰে।কেই ঘণ্টামান সময় গড়মূৰ থানাত প্ৰবঞ্চক ৰাণা পগাগক মাৰাথান জেৰা কৰাৰ পাছত মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়।মাজুলী আৰক্ষীয়ে প্ৰবঞ্চক পগাগক সাত দিনৰ আৰক্ষী জিম্মাত বিচাৰিছিল যদিও আদালতে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখৰ সন্মতি প্ৰদান কৰে। এই সন্দৰ্ভত মাজুলী জিলা আৰক্ষী অধীক্ষক গৌতম বৰাৰ পৰা জানিব বিচৰাত অধীক্ষক জনে কয়  ৰাণা পগাগক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আমি আদালতৰ হুকুম অনুসৰি মাজুলীলৈ লৈ আনিছোঁ।তেওঁ বিৰুদ্ধে মাজুলী তিনিটাকৈ গোচৰ ৰুজু হৈছে।আমি তেওঁ ওপৰত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছোঁ,তেওঁ স্বীকাৰ কৰিছে।স্বীকাৰ উক্তিত তেওঁ অ’ এন জি চিৰ জন সম্পৰ্ক বিষয়া বুলি এখন ভুৱা পৰিচয় পত্ৰ ইণ্টাৰনেটৰ জড়িয়তে বনাই লৈছিল বুলি উল্লেখ কৰে।এছ আই জোনমনি ৰাভাক তদন্তলৈ অনা হ’ব নে বুলি সাংবাদিকে সোধা এক উত্তৰত আৰক্ষী বিষয়া গৰাকীয়ে কয় জোনমনি ৰাভা মাজুলীত কৰ্মত সময়ত তেওঁ লগত চিনাকি আছিল বুলি জানিব পৰাৰ লগতে ঘৰুৱা ভাবে তেওঁ লোকৰ বিয়া ঠিক হৈছিল আৰু তেওঁলোকৰ সম্পৰ্ক গ্ৰাহ আছিল বুলি উল্লেখ কৰে। জুনমণি ৰাভা এই সম্পৰ্কত জড়িত আছিল নে নাই  সম্পূৰ্ণ তদন্তৰ পাছতহে ক’ব পৰা যাব বুলি উল্লেখ কৰে।ইতিমধ্যে প্ৰৱঞ্চক ৰাণা পগাগৰ তিনিটা বেংক একাউণ্ট জব্দ কৰা বুলি উল্লেখ কৰি আৰু একাউণ্ট আছে নে নাই অনুসন্ধান চলি আছে বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে ১২ মে’ত মাজুলীৰ এগৰাকী ব্যৱসায়ী ৰঞ্জন কুটুমেও কামৰ বিনিময়ত এছ আই জোনমনিৰ উপদেশ মতে ৰাণা পগাগক ২৫ লাখ টকা কৰ্ট এগ্ৰিমেন্ট কৰি দিয়াৰ কথা মাজুলী আৰক্ষী থানাত উপস্থিত হৈ বিস্ফোৰণ ঘটাইছিল। কুটুমে কোৱা অনুসৰি কাম লাভ নকৰাৰ পিছত টকা বিচাৰি নগাঁও আৰক্ষী থানাৰ জোনমনি ৰাভাৰ কোৱাৰ্টাৰত উপস্থিত হোৱাৰ পিছত প্ৰথম কিস্তিৰ ১২ লাখ ধন ঘূৰাব নোৱাৰি প্ৰৱঞ্চক পগাগে এখন ইনভা গাড়ী বন্ধকত চুক্তি অনুসৰি ৰঞ্জন কুটুমক দিছিল। যিটো কামত জোনমনি ৰাভাই প্ৰত্যক্ষ সহযোগ আগবঢ়াইছিল। সেইদিনা জোনমনিৰ নগাঁৱৰ কোৱাৰ্টাৰত ভাবী স্বামীৰ ৰাণাৰ ভৰিত ৰহস্যজনক ভাৱে গুলী লগা বুলিও ৰঞ্জন কুটুমে জানিবলৈ দি এছ আই জোনমনিৰ চাৰ্ভিছ ৰিভলভাৰৰ পৰাই এই গুলী লগা বুলি ব্যৱসায়ী ৰঞ্জনে বিস্ফোৰণ ঘটাইছিল।ইফালে ১১ মে’ত মাজুলীৰ ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অভিযোগ তুলি ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত গোচৰ তৰিছিল।পৰৱৰ্তী সময়ত পাঁচ দিনীয়া জেৰা অন্তত  অধিক তথ্য  পোহৰলৈ অহাৰ সম্ভৱনা আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More