আই এন এছ বিক্ৰান্তৰ চতুৰ্থ ট্ৰায়েল সম্পন্ন

নৌসেনাৰ নতুন অধ্যায়

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাই : ভাৰতীয় নৌসেনাৰ অন্যতম গৌৰৱ আই এন এছ বিক্ৰান্তে সাগৰত চতুৰ্থটো ট্ৰায়েল সম্পূৰ্ণ কৰিলে। উল্লেখ্য যে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত ভাৰতৰ প্ৰথমখন বিমানবাহী জাহাজ। অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাৰ পৰা সাগৰত INS বিক্ৰান্ত কমিছন কৰা হ’ব। দেওবাৰে আই এন এছ বিক্ৰান্তৰ পৰা উৰা মাৰে মিগ-২৯ যুদ্ধ বিমান। আৰু ইয়াৰ লাগে সকলো পৰীক্ষা এশ শতাংশ সফল হয়। উল্লেখ কৰিব পাৰি যে, প্ৰায় ২৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে আই এন এছ বিক্ৰান্ত নামৰ দুখন জাহাজ নিৰ্মাণ কৰা হৈছে। যি শীঘ্ৰেই ভাৰতীয় নৌসেনাত যোগদান কৰিব। বিক্ৰান্তৰ জৰিয়তে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ সৈতে কান্ধত কান্ধত মিলাই নৌশক্তিক লৈ গৌৰৱ কৰিব পাৰিব! ইয়াৰ পূৰ্বে ব্ৰিটেইন, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স আৰু চীনেহে যুদ্ধ জাহাজ নিৰ্মাণ কৰিব পাৰিছিল। এইবাৰ ভাৰতো সেই তালিকাত অন্তৰ্ভুক্ত হ’ল। এই যুদ্ধ জাহাজৰ পৰা মিগ-২৯কে যুঁজাৰু বিমানৰ উপৰি কামোভ ৩১ হেলিকপ্টাৰ আৰু এমএইচ৭১ মাল্টি-ৰ’ল হেলিকপ্টাৰ উৰুৱাব পাৰি। ফলত নিঃসন্দেহে এনে প্ৰযুক্তিৰে সজ্জিত যুদ্ধ জাহাজে ভাৰতীয় নৌবাহিনীৰ শক্তি বৃদ্ধি কৰি জলপথত শত্ৰুক ধ্বংস কৰাত সহায় কৰিব। আই এন এছ বিক্ৰান্ত আগমনৰ পূৰ্বে নৌসেনাই আই এন এছ বিক্ৰমাদিত্যৰ ওপৰত নিৰ্ভৰ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More