আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”

0 171

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ :  এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা সপোনবোৰ । ধেমাজি সদৰ থানাৰ অন্তৰ্গত শলিকুছি-ভোমোৰাগুৰি গাঁৱৰ বাসিন্দা তেজু পাদুন প্ৰয়াত ৰশ্মিৰেখা পাদুনৰ পুত্ৰ ডেভিদে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত জীৱিকাৰ সন্ধানত ওলাই যায় গুৱাহাটীলৈ । সৰুসুৰা কামেৰে জীৱিকাৰ পথ উলিয়াই লোৱা ডেভিদে ক’ৰণা মহামাৰীৰ বাবে গুৱাহাটী ত্যাগ কৰিবলগীয়া হয় । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে গাঁৱলৈ প্ৰত্যাৱৰ্তন হোৱাৰ পাছতে এক অচিন ৰোগে আৱৰি ধৰে । বহু ঠাইত চিকিৎসা কৰাৰ পাছতো সুফল নোপোৱা ডেভিদৰ দৃষ্টিশক্তি ক্ৰমাৎ কমি আহিবলৈ ধৰে । আৰু এদিন এনে পৰ্যায় পালেগৈ যে পোহৰ বিচাৰি ফুৰা চকুযুৰিক ঘোৰ আন্ধাৰে আৱৰি ধৰিলে । আৰ্থিকভাৱে দুৰ্বল ডেভিদে দিকবিদিক হেৰুৱাই পেলালে । অৱশেষত ডেভিদৰ দুুৰৱস্থা দেখি পৰিয়ালৰ লোকে সা-সম্পত্তি বিক্ৰী কৰি নেপালত দুবাৰকৈ চিকিৎসা কৰায় যদিও মাত্ৰ ২ শতাংশহে দেখিবলৈ সক্ষম হয় । সেই দুই শতাংশও বৰ্তমান হ্ৰাস হোৱাৰ আশংকা কৰি সন্দিহান হৈ পৰিছে ডেভিদ আৰু তেওঁৰ পৰিয়াল । কিন্তু সকলো শেষ হৈ যোৱাৰ পাছতো সেউজীয়া পৃথিৱীৰ পোহৰ বিৰিঙিছে ডেভিদৰ দুচকুত ।

“সতীৰ্থ” – সম্প্ৰীতিৰ এনাজৰীৰে বন্ধা এক সুমধুৰ শব্দ । এই শব্দই আত্মিক সম্পৰ্কৰে বান্ধি ৰাখিছে ইজনে সিজনক । আৰু সেই সম্পৰ্ক তথা সম্প্ৰীতিৰ এনাজৰীডাল অটুট ৰখাৰ উদ্দেশ্যে এজন সতীৰ্থক সহায় কৰিবলৈ ওলাই আহিছে হাজাৰজন সতীৰ্থ ।

চকুৰ অপাৰেচনৰ বাবে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ডেভিদৰ বাতৰি পাই আগবাঢ়ি আহিছে তেওঁৰেই একাংশ সতীৰ্থ । ধেমাজি বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰা “প্ৰাক্তন সতীৰ্থ মঞ্চ”ই বিষয়টো আলোচনা কৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা সমন্বিতে সকলোৱে মিলি ডেভিদলৈ মুক্তহস্তে আৰ্থিক সাহায্য আগবঢ়াইছে । আজি মহাবিদ্যালয়খনৰ অধ্যাপক দীপেন দত্ত আৰু ৰাজুমণি ভূঞাৰ লগতে প্ৰাক্তন সতীৰ্থ মঞ্চৰ সম্পাদক প্ৰকাশ সন্দিকৈ, প্ৰচাৰ সম্পাদক জীৱন কোঁৱৰ, কাৰ্যনিৰ্বাহক সদস্য মৃদুল দত্ত, মণ্টু কাৰ্দঙকে মুখ্য কৰি এটা সজাতি দলে ডেভিদৰ চিকিৎসাৰ বাবে সংগৃহীত ধনৰাশি প্ৰদান কৰে । ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ মঞ্চৰ এই মহানুভৱী কাৰ্যত ডেভিদে আনন্দতে আৱেগিক হৈ পৰে আৰু সতীৰ্থ মঞ্চৰ সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰে । প্ৰাক্তন সতীৰ্থ মঞ্চয়ো ডেভিদৰ আশু আৰোগ্য কামনা কৰি বিনন্দীয়া পৃথিৱীৰ পোহৰ দেখি পাব বুলি উৎসাহিত কৰে । লক্ষণীয় কথা যে বৰ্তমানৰ ব্যক্তিকেন্দ্ৰিকতা- স্বাৰ্থপৰতা তথা নিজক লৈ ব্যস্ত হোৱা সমাজখনৰ বিপৰীতে প্ৰাক্তন সতীৰ্থ মঞ্চই গ্ৰহণ কৰা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় বুলিব পাৰি । উল্লেখ্য যে ডেভিদে আজি পৰিয়ালৰ লোকৰ লগত পুনৰ চিকিৎসাৰ বাবে নেপাললৈ ৰাওনা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More