আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল চি লালেংলিয়ানাৰ দেহাৱসান

0 28

গুৱাহাটী, ৬ মেঃ ভাৰতীয় তথ্য সেৱা বিভাগৰ এজন জ্যেষ্ঠতম বিষয়া, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল C Lalenglianaৰ কালি ছিলঙত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। প্ৰয়াত লালেংলিয়ানা এজন জনপ্ৰিয় বিষয়া আছিল। গুৱাহাটীস্থ প্ৰেছ ইনফৰমেশ্যন ব্যুৰত কৰ্মৰত থাকোঁতে তেওঁ বিভাগটোৰ জৰিয়তে প্ৰিণ্ট মাধ্যমৰ কামকাজবোৰ অতি বিচক্ষণ ভাবে সম্পন্ন কৰিছিল । তেওঁৰ মৃত্যুত অসম তথা কেন্দ্ৰীয় তথ্য আৰু অনাঁতাৰ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত শোকৰ ছাঁ পৰিছে। প্ৰয়াত লালেংলিয়ানা ১৯৬৪চনৰ বেট্চৰ ভাৰতীয় তথ্য সেৱা (IIS) বিষয়া আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More