আকাশমাৰ্গত অধিক শক্তিশালী হৈছে ভাৰতঃ দেশতে LCA-Mk2 নিৰ্মাণৰ চৰকাৰী অনুমোদন লাভ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ : অত্যাধুনিক লঘু যুদ্ধ বিমান LCA Mk2 নিৰ্মাণৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিছে। এই অস্ত্ৰৰে ভবিষ্যতে বিমান যুদ্ধত ভাৰত অধিক শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে। খবৰ অনুসৰি এই নতুন প্ৰকল্পটোৰ বাবে চৰকাৰে ১০ হাজাৰ কোটি টকা আবণ্টন দিছে। জানিব পৰা মতে অহা ২ বছৰৰ ভিতৰত LCA Mk2-এ প্ৰথম বিমান যাত্ৰা কৰিব। ফলত ২০২৮ চনৰ ভিতৰত ভাৰতে এই যুঁজাৰু বিমান নিৰ্মাণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি অতিক্ৰম কৰিব বুলি ধাৰণা কৰা হৈছে। সংবাদ মাধ্যমত ইতিপূৰ্বে প্ৰকাশ হৈছিল যে এই অস্ত্ৰ নিৰ্মাণৰ অনুমতি পত্ৰ প্ৰস্তুত কৰা হৈছে। মন কৰিবলগীয়া যে দেশৰ মাটিত অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত এই পদক্ষেপ এক বৃহৎ ঘটনা। আশা কৰা হৈছে যে এই বিমানে ভৱিষ্যতে ভাৰতীয় বায়ুসেনাৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। মন কৰিবলগীয়া যে এল চি এৰ আন এটা ভেৰিয়েন্টৰ নিৰ্মাণেও ক্লিয়াৰেন্স লাভ কৰিছে। প্ৰসংগক্ৰমে এই MK2 যুঁজাৰু বিমানখন নতুন প্ৰজন্মৰ বিমান। ভাৰতৰ ‘এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সী’য়ে নিৰ্মাণ কৰিছে এই যুদ্ধ বিমান। এই যুঁজাৰু বিমানখনত বহু ধৰণৰ উন্নত সঁজুলি আছে। ইয়াত বহু উচ্চ শক্তিৰ অস্ত্ৰ থকাৰ সুবিধা থাকিব। প্ৰসংগক্ৰমে প্ৰাক্তন এয়াৰ মাৰ্শ্বাল অনিল চোপ্ৰাই কৈছে যে ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰ-শস্ত্ৰৰ শক্তিত ৰৈ যোৱা ব্যৱধান এই উন্নত অস্ত্ৰৰে পূৰণ কৰিব পাৰিব। ২০২১ চনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ‘হিন্দুস্তান এৰ’নটিকেল লিমিটেড’ৰ সৈতে ৪৮ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তিৰ অধীনত ২০২৪ চনত আহি আছে দেশৰ মাটিত নিৰ্মিত প্ৰথমটো বেটছৰ বিমান। ইয়াৰ ভিতৰত আছে ১২৩খন এল চি এ ফাইটাৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More