আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাবঃ মুখ্যমন্ত্ৰী

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰী

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৯মাৰ্চঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত অংশলৈ কালি নিশা প্ৰায় ১১বজাত তেজপুৰ আৱৰ্ত ভৱনত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ৷যোৱা নিশা তেওঁলোক ইয়াতে থাকে৷ শৰ্মাই দেশৰ আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ ২৬ খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ২১-২২ খন আসন লাভ কৰিব বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে।তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কথা দেশবাসীয়ে নুশুনে বুলি কটাক্ষ কৰি কয় যে দেশবাসীৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নইা। বিদেশৰ ৰাইজৰ ওপৰতহে কংগ্ৰেছে বিশ্বাস ৰাখে বুলি উল্লেখ কৰে তেওঁ৷ আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সময় যিহেতু হাতত আছে গতিকে কাম কৰিলে লোকসভা নিৰ্বাচনত আশানুৰূপ ফল লাভ কৰিব বিজেপিয়ে৷ ইফালে, অসমত যি ধৰণৰ দেশ বিৰোধী শক্তিবোৰ আছে সেই ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে আৰু সেয়া হ্ৰাস পাবলৈ ধৰিছে বুলিও তেওঁ উল্লেখ কৰি মৰিগাঁৱৰ শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ড° শৰ্মাই কয় যে,কেন্দ্ৰীয় চোৰাংচোৱা সংস্হা নেচনেল ইন্টেলিজেঞ্চ গ্ৰিডৰ লগত একেলগে কাম কৰি তেওঁলোকৰ তথ্যৰ ভিত্তিত এনে দেশ বিৰোধী কামকাজ বন্ধ কৰিবলৈ সক্ষম হৈছে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জেহাদী গ্ৰেপ্তাৰৰ সময়তে এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা বুলি মন্তব্য কৰে৷ আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিক ৰূপজ্যোতি গোস্বামীক একাংশলোকে কৰা শাৰিৰীক আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ বিষয়টো তথ্য আৰু জন সংযোগ মন্ত্ৰী পিয়ুষ হাজৰীকাক দায়িত্ব অৰ্পণ কৰে। ইপিনে,আজি পুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে আৱৰ্ত ভৱনৰ পৰা আহি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মহাভৈৰৱ মন্দিৰত উপস্হিত হয় আৰু মহাদেৱৰ পৰা আশিস বিচাৰি সেৱা জনায়। মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্য চৰকাৰৰ দুই কেবিনেট মন্ত্ৰী ড° ৰনোজ পেগু আৰু পীয়ুষ হাজৰিকাৰ উপৰি তেজপুৰৰ সাংসদ আৰু বিধায়ক পল্লৱ লোচন দাস আৰু পৃথ্বীৰাজ ৰাভাও উপস্হিত থাকে৷ উল্লেখ্য যে, মহাভৈৰৱ মন্দিৰৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে যোৱাটো বৰ্ষতে মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছিল এক কোটি টকা৷ সেই টকাৰ পৰা এটকাও এইপৰ্যন্ত খৰচ কৰা নাই মন্দিৰ পৰিচালনা সমিতিয়ে৷ মুখ্যমন্ত্ৰীয়ে সেই টকাৰ কি ব্যৱহাৰ হৈছে জানিবলৈ বিচৰাৰ লগতে প্ৰয়োজন অনুসৰি মন্দিৰৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে আৰু টকা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে৷ শীঘ্ৰে মন্দিৰৰ আন্তঃগাঁথনিৰ কাম হাতত লবলৈও তেওঁ আহ্বান জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More