আছাৰ ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ মিশ্ৰিত প্ৰভাৱ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮জানুৱাৰী: বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে৷জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় পুৱাৰে পৰা।বন্ধৰ সময়চোৱাত সকলো দোকান-পোহাৰ এই সমূহ অঞ্চলত বন্ধ থকাৰ উপৰি যানবাহনৰ চলাচলো তেনেই সেৰেঙা আছিল৷ঢেকিয়াজুলিত দিনৰ দুই বজাত আছাৰ একাংশ সদস্যই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্তলিকাও দাহ কৰে৷ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই দৰে আছা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে বন্ধৰ সময়ছোৱাত আছাৰ প্ৰতিনিধি সকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে বালিপৰাৰ ৰাজপথ উত্তাল কৰি তোলে।আনহাতে ৰঙাপৰাত আছাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত্য কৰে।অৱশ্যে আজি পুৱা পাঁচ বজাৰ পৰা বিয়লি পাঁচবজালৈকে আহ্বান জনোৱা এই বন্ধৰ প্ৰভাৱ তেজপুৰত অৱশ্যে পৰা নাছিল৷ শোণিতপুৰৰ চাৰিদুৱাৰৰ পাঁচ খনকৈ গাঁও বিটিআৰৰ অন্তৰ্ভুক্ত হোৱাকলৈ কালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে চাৰিদুৱাৰত৷ উল্লেখযোগ্য যে কালি দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ সম্প্ৰসাৰণৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াৰে অংশ হিছাপে ৰাজ্যৰ ৬০খনকৈ বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱক বিটিআৰৰ অন্তৰ্ভুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিটিআৰৰ এই সম্প্ৰসাৰণত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখন গাঁও বিটিআৰত অন্তৰ্ভুক্তিক কেন্দ্ৰকৰি কালি চাৰিদুৱাৰত বড়োৰাইজে হৰ্ষোল্লাস প্ৰকাশ কৰাৰ লগতে ফটকা ফুটাই তথা জনগোষ্ঠীটোৰ নৃত্য গীতৰে চৰকাৰৰ এই ঘোষণাৰ প্ৰতি আদৰণি জনাই৷উল্লেখযোগ্য যে ২০২০ৰ ২৭জানুৱাৰীত চৰকাৰৰ স’তে হোৱা চুক্তিৰ দফা অনুসৰি দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিটিআৰত নতুনকৈ ৬০খন গাঁও অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ইপিনে কালি ঘোষিত অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰৰ পাঁচ খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্তি হোৱাকলৈ স্হানীয় এবছুৱে ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী,বিটিআৰ প্ৰধান আৰু এবছুৰ কেন্দ্ৰীয় নেতৃত্বৰ শলাগ লোৱাৰ লগতে কয় যে,প্ৰকৃততে এবছুৰ চৰকাৰ স’তে হোৱা চুক্তি অনুসৰি ৰাজ্যৰ লগতে চাৰিদুৱাৰৰ আৰু পাঁচ খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হ’ব লাগে আৰু ইয়াৰে প্ৰথমটো পদক্ষেপ অনুসৰিহে কালি ৰাজ্যৰ ৬০খন গাঁও তথা শোণিতপুৰৰ পাঁচ খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে৷পৰৱৰ্তী সময়ত বাকী গাঁও সমূহো বিটিআৰ ৰ অন্তৰ্ভক্তিৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা এবছুৰ স্হানীয় নেতৃত্বই লগতে কয় যে,বিটিআৰ হৈছে ৰাজ্যখনৰে এক ভিতৰুৱা বিষয় আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে শান্তিৰে বাস কৰি আহিছে৷স্বায়ত্ত্ব শাসনৰে উন্নয়নহে বিটিআৰ ৰ লক্ষ্য আৰু ইয়াকলৈ শংকিত হোৱাৰ কাৰণ নাই বুলিও কয় এবছু নেতৃত্বই৷ইপিনে চৰকাৰৰ এনে সিদ্ধান্তৰ পাছতেই চাৰিদুৱাৰত অবড়ো ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ইয়াৰে পৰিণতিত  কালি কে’বা সহস্ৰ অবড়ো ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More