আজিৰে পৰা বালিপৰা,চাৰিদুৱাৰ,ভালুকপুং,টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ ঘোষণা

0 97

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ অক্টোবৰ : শোণিতপুৰৰ বালিপৰা তথা চাৰিদুৱাৰ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং, টাৱাং সংযোগী পথটো আজিৰে পৰা বন্ধ ঘোষণা কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে৷এক জৰুৰী নিৰ্দেশনাৰ দ্বাৰা জিলা প্ৰশাসনে উক্ত পথৰে টাৱাং-বমদিলা-ডিৰাং যাবলগীয়া সকলো যান বাহনৰ চলাচলত নিষেধজ্ঞা জাৰি কৰিছে । ইয়াৰ বিপৰীতে ওৰাং-কালেকতং-চেৰগাঁও -ৰূপা পথেৰে টাৱাং-বমদিলা-ডিৰাঙলৈ অহা যোৱা কৰাৰ কাৰণে ব্যৱহাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে পশ্চিম কামেং জিলা প্ৰশাসনে।উল্লেখযোগ্য যে,অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপ্পি জলপ্ৰপাত এলেকাত ২৪ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় চাৰি বজাত হোৱা ভয়াৱহ ভূমিস্খলনত কেবাখনো যান বাহনৰ ক্ষতিগ্ৰস্ত হৈছিল৷এই ঘটনাত চাৰিখন গাড়ী কামেং নদীত উটি ভাঁহি গৈছিল।পশ্চিম কামেং জিলাৰ অন্তৰ্গত ভালুকপুং টিপ্পিৰ জলপ্ৰপাতৰ কাষতে সংঘটিত এই ভূমিস্খলনৰ বাবে বৰ্তমান সীমান্ত পথ নিৰ্মাণকাৰী সংস্হাই ক্ষতিগ্ৰস্ত পথচোৱাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷উল্লেখযোগ্য যে,প্ৰায়ে এই পথত সংঘটিত হৈ থকা ভূমিস্খলনৰ বাবে বালিপাৰা-চাৰিদুৱাৰ-টাৱাং পথৰে চলাচলত বাধা আৰোপ কৰি ইয়াৰ পৰিৱৰ্তে ওৰাং,কালকটাং,শ্বেৰগাঁও,ৰূপা আৰু টাৱাং সংযোগী পথৰে যাতায়াতৰ নিৰ্দেশ দিয়া হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More