শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক’ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি টিকাকৰণ অমৃত মহোৎসৱ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ পৰা ৭৫ দিনৰ কাৰণে যিসকলৰ ১৮ ৰ পৰা ৫৯ বছৰ লোকে তৃতীয় পালি ভেকচিন লোৱা নাছিল তেওঁলোকক আজিৰ পৰা ৭৫ দিনত ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি ৰাজ্যৰ মুঠ ২০০০ স্থানত টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ৭৫ দিনত সকলোকে এই তৃতীয় পালি ভেকচিন গ্ৰহণ কৰি কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে অধিক শক্তিশালী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। এই অভিযানৰ জৰিয়তে ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰ যোগ্য ব্যক্তিসকলক ক’ভিড-১৯ সুৰক্ষাসূচক পালি সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত পৰৱৰ্তী ৭৫ দিনলৈকে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। আনহাতে স্বাস্থ্যজনিত কাৰণত কোনো ব্যক্তি যদি বাহিৰলৈ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নিজ গৃহতে টিকাকৰণ লাভ কৰিবৰ বাবে ১০৪ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে। একেদৰে ক’ভিড-১৯ টিকাকৰণ সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ বাবেও এক মোবাইল নম্বৰ মুকলি কৰা হৈছে। ৰাজ্যিক ক’ভিড-১৯ টিকাকৰণ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৮০৯৯৪৭০৬৮২ ত যোগাযোগ কৰিব পাৰিব।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.