আজি আকাশত জিলিকিব ‘ষ্ট্ৰবেৰী মুন’

দেখা পোৱা যাব চন্দ্ৰৰ সুকীয়া সৌন্দৰ্য

0 70

দাদুল দেৱকৃষ্ণ বৰুৱা

জোন মানেই স্নিগ্ধতা। জোন মানেই প্রেম। জোনৰ প্রতি মানুহৰ আগ্রহৰ অন্ত নাই। বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য, সংস্কৃতিত জোনৰ আছে বিশেষ আদৰ। জোনৰ ৰূপ-গুণৰ কোনো শেষ নাই। বিশেষকৈ পূৰ্ণিমাৰ জোনৰ। বছৰত অন্ততঃ ১২টা পূর্ণিমা থাকে। অর্থাৎ প্রতি মাহে এটা পূর্ণিমা। এই পূৰ্ণিমাত জোনৰ সৌন্দর্য চাবলগীয়া। এই দিনত চন্দ্ৰ নিজ পূর্ণ বৃত্তত থাকে, যাৰ কাৰণে ইয়াক কোৱা হয় পূর্ণিমা। বুদ্ধ পূৰ্ণিমা, গুৰু পূৰ্ণিমা আদি আমাৰ বাবে চিনাকি।1655175866711 কিন্তু গোলাপী পূৰ্ণিমা বা ‘ষ্ট্ৰবেৰী মুন’? হয় বসন্তৰ প্রথম চন্দ্ৰ আৰু গ্রীষ্মৰ আৰম্ভণিৰ চন্দ্ৰক ষ্ট্ৰবেৰী মুন বোলা হয়। ষ্ট্ৰবেৰী চন্দ্ৰ স্বাভাৱিকতকৈ ডাঙৰ আৰু সোণালী ৰঙৰ। আহক, এই ষ্ট্ৰবেৰী মুন আৰু ইয়াৰ লগত সম্পর্কিত কিছু মজাৰ তথ্যৰ বিষয়ে কথা পাতোঁ।

  •  ২০২২ চনত ষ্ট্ৰবেৰী মুন
    জুন মাহত অনেক জ্যোতির্বিজ্ঞানৰ ঘটনা দেখা যাব। এই ঘটনাবোৰৰ মাজৰে এটা হ’ল ষ্ট্ৰবেৰী মুন। এই বছৰ আপুনি ১৪ জুন, অৰ্থাৎ আজি দেখিবলৈ পাব ষ্ট্ৰবেৰী মুন। আজি সূর্যাস্তৰ পিছত দক্ষিণ-পূব দিশৰ পৰা ষ্ট্ৰবেৰী মুন দেখা যাব। আজি জোনটো দেখিবলৈ ডাঙৰ আৰু খুব উজ্জ্বল হ’ব। বিশেষজ্ঞসকলৰ মতে, আজি ১৪ জুনৰ সন্ধিয়া ৫.২২ মিনিটত চন্দ্ৰ শীর্ষত থাকিব। অন্য পূৰ্ণিমাৰ তুলনাত ষ্ট্ৰবেৰী মুন ১২ শতাংশ বেছি ডাঙৰ দেখা যায়।
  •  নাম কিয় হ’ল ষ্ট্ৰবেৰী মুন
    উত্তৰ আমেৰিকা আৰু ইউৰোপত সাধাৰণতে সংস্কৃতিৰ লগত সংগতি ৰাখি প্রত্যেক পূর্ণিমাৰ নামকৰণ কৰা হয়। আৰু এই পূর্ণিমাটোৰ লগত জড়িত হৈ আছে খেতি; স্পষ্টভাৱে ক’বলৈ গ’লে ষ্ট্ৰবেৰী খেতি। আচলতে কথাটো হ’ল উত্তৰ আমেৰিকাৰ আদিকালৰ কৃষকসকলে যি দিনপঞ্জী হিচাপমতে চলে তাত এই পূর্ণিমাৰ উল্লেখ আছিল। এই সময়ত উত্তৰ আমেৰিকাৰ আলগনকিন, অজিবে, ডাকোটা আৰু লাকোটা জনগোষ্ঠীৰ মানুহে খেতিৰ পৰা পকা ষ্ট্ৰবেৰী সংগ্ৰহ কৰে। সেই কাৰণে এই সময়ত যি পূর্ণিমা পৰে তাৰ নাম তেওঁলোকে দিছিল দ্য ষ্ট্ৰবেৰী মুন। তেতিয়াৰ পৰাই এই পূর্ণিমাটোক ষ্ট্ৰবেৰী মুন হিচাবে নামকৰণ কৰা আৰম্ভ হৈছে। যদিও বসন্তৰ শেষ পূর্ণিমা আৰু বিশ্বৰ প্রথম পূর্ণিমাক ষ্ট্ৰবেৰী মুন হিচাবে নামকৰণ কৰা হয়। চন্দ্ৰ কেতিয়া পৃথিৱীৰ ওচৰলৈ আহে— এই প্রশ্নৰ উত্তৰত বিজ্ঞানীসকলে কৈছে যে, ষ্ট্ৰবেৰী মুন ডাঙৰ দেখাৰ কাৰণ হ’ল এইটো দিনতে চন্দ্ৰ পৃথিৱীৰ খুব ওচৰলৈ আহে। বিশ্বৰ বিভিন্ন প্রান্তত এই দিনটোৰ জোন ষ্ট্ৰবেৰী মুন হিচাবে পৰিচিত। অৱশ্যে ইয়াৰ আৰু নানা নাম আছে। কেতিয়াবা কোৱা হয় হট মুন, আকৌ কেতিয়াবা মিড মুন নামেৰে পৰিচিত। ইউৰোপত কোৱা হয় ৰ’জ মুন। কাৰণ সেই স্থানত এই জোন গোলাপ তোলাৰ প্রতীক হিচাবে বিবেচিত হয়। বিষুৱ ৰেখাৰ উত্তৰত এই দিনবোৰতে গ্রীষ্ম আৰম্ভ হয়, যাৰ কাৰণে এই জোনক হট মুন বোলা হয়।
  • ভাৰতত বট পূর্ণিমা
    বিশ্বৰ অনেক ঠাইত ষ্ট্ৰবেৰী মুনৰ সুকীয়া নাম আৰু তাৎপর্য আছে। আমি যদি ভাৰতৰ কথা কওঁ, তেতিয়াহ’লে এই দিনটোৰ পূর্ণিমাক কোৱা হয় বট পূর্ণিমা। এইটো দিনত বটবৃক্ষৰ পূজা কৰা হয়। বছৰত দুবাৰ এই পূজা হয়। কোনো কোনো স্থানত প্রথমবাৰৰ বাবে জেঠ মাহৰ অমাৱস্যাত এই পূজা কৰা হয়। আকৌ কোনো কোনো স্থানত জেঠ মাহৰ পূর্ণিমাত বট সাবিত্রীৰ পূজা আৰু উপবাস কৰা হয়। বিবাহিত নাৰীসকলে তেওঁলোকৰ স্বামীৰ দীর্ঘায়ু আৰু সুখী জীৱন কামনা কৰে। মহাৰাষ্ট্র, গুজৰাট আৰু দক্ষিণ ভাৰতত জেঠ মাহৰ পূর্ণিমাত বট সাবিত্রীৰ পূজা কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More