আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ২০২২

জানো আহক বিষয়বস্তু, ইতিহাস, তাৎপৰ্য

0 50

 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুন : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বা বিশ্ব অলিম্পিক দিৱস প্ৰতি বছৰে ২৩ জুনত পালন কৰা হয়। এই দিৱস খেলা-ধূলা, স্বাস্থ্য, আৰু একত্ৰিত হৈ থকাৰ উদযাপন। দিনটোৱে সকলোকে একত্ৰিত হ’বলৈ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে সক্ৰিয় হ’বলৈ অনুপ্ৰাণিত কৰে। বিগত দুটা দশক ধৰি অলিম্পিক দিৱস প্ৰায় সমগ্ৰ বিশ্বতে অলিম্পিক দিৱসৰ দৌৰৰ সৈতে জড়িত হৈ আহিছে। গণ ক্ৰীড়াৰ অনুশীলনক প্ৰসাৰিত কৰাৰ বাবে সমগ্ৰ বিশ্বতে এই দৌৰৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰীয় অলিম্পিক কমিটীসমূহে সকলোকে লক্ষ্য কৰি লোৱা এক বিস্তৃত ক্ৰীড়া, সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰে বয়স, লিংগ, সামাজিক পটভূমি বা ক্ৰীড়াৰ ক্ষমতা নিৰ্বিশেষে। কেইখনমান দেশে এই অনুষ্ঠানক বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰিছে।

* আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ ইতিহাস
ছেইণ্ট মৰিটজত অনুষ্ঠিত ৪২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিৱেশনত অলিম্পিক দিৱস উদযাপনৰ ধাৰণাটো গ্ৰহণ কৰা হয়। ১৯৪৮ চনতেই চেক গণৰাজ্য আই অ’ চিৰ সদস্য ডাক্তৰ গ্ৰাছে ছুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ৪১ সংখ্যক অধিৱেশনত বিশ্ব অলিম্পিক দিৱসৰ ধাৰণা দাঙি ধৰিছিল। উদ্দেশ্য আছিল অলিম্পিক আন্দোলনৰ ধাৰণাটোক উদযাপন কৰা। ১৮৯৪ চনৰ ২৩ জুনত পেৰিছৰ ছৰবনত আই অ’ চিৰ প্ৰতিষ্ঠা উদযাপন কৰা হয়, য’ত পিয়েৰ ডি ক’বাৰ্টিনে অলিম্পিক গেমছক পুনৰুজ্জীৱিত কৰে। এই অনুষ্ঠানৰ আয়োজনৰ দায়িত্ব ৰাষ্ট্ৰীয় অলিম্পিক সমিতিসমূহক দিয়া হৈছিল। তেতিয়াৰ পৰাই ২৩ জুন অলিম্পিক আন্দোলন ইতিহাসৰ এক বিশেষ দিন।

* অলিম্পিক দিৱস ২০২২ৰ বিষয়বস্তু
এইবাৰৰ বিষয়বস্তু হৈছে ‘একেলগে, এখন শান্তিপূৰ্ণ পৃথিৱীৰ বাবে’ (Together, For a Peaceful World)। লগতে আছে ছ’চিয়েল মিডিয়াৰ #MoveForPeace আৰু #OlympicDay। বিশ্ব অলিম্পিক দিৱস ২০২২ত ক্ৰীড়াৰ যি শক্তি আছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এখন উন্নত পৃথিৱী গঢ়ি তুলিব পাৰি, মানুহক শান্তিৰে একত্ৰিত কৰি।

অলিম্পিক দিৱসৰ দৌৰৰ উপৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ৰাষ্ট্ৰীয় অলিম্পিক কমিটীসমূহক নিজাকৈ অলিম্পিক দিৱসৰ কাৰ্যসূচী পালন কৰিবলৈয়ো আহ্বান জনায়। উল্লেখ্য যে, ১৯৮৭ চনত প্ৰথম সংস্কৰণত ৪৫খন অংশগ্ৰহণকাৰী ৰাষ্ট্ৰীয় অলিম্পিক কমিটী আছিল যদিও বৰ্তমান এই সংখ্যা এশৰো অধিকলৈ বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More