আজি বিশ্ব মহাসাগৰ দিৱসঃ জানো আহক বিষয়বস্তু আৰু তাৎপৰ্য

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : সাগৰ বা সমুদ্র হ’ল এই গ্রহৰ হাওঁফাওঁ। অন্ততঃ পৰিৱেশবিজ্ঞানীসকলে তেনেদৰেই কৈ আহিছে। কিন্তু ধাৰাবাহিক প্ৰদূষণ আৰু মানুহৰ নানা নেতিবাচক কাম-কাজৰ ফলত প্রতিনিয়ত সামুদ্রিক অঞ্চল আৰু বেছিকৈ বিপন্নতাৰ দিশে গতি কৰিছে। জলবায়ু পৰিৱৰ্তনে মহাসাগৰৰ স্বাস্থ্য আৰু অৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ভৱিষ্যৎ প্ৰজন্মই যাতে মহাসাগৰৰ সম্পদসমূহ বহনক্ষমভাৱে উপভোগ কৰিবলৈ সক্ষম হয় তাৰ বাবে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত দ্ৰুত সহযোগিতামূলক পদক্ষেপৰ প্ৰয়োজন। আজি ৮ জুন। পালিত হৈছে বিশ্ব সমুদ্ৰ দিৱস বা World Oceans Day। ৰাষ্ট্রসংঘই উল্লেখ কৰিছে যে, সমুদ্র বায়’স্ফিয়েৰৰ বিশেষ অংশ; খাদ্য আৰু ঔষধৰ বিশ্বস্ত উৎস। সমুদ্রৰ জীৱ বৈচিত্র্যৰ ওপৰত মানৱ সভ্যতা বহুখিনি নির্ভৰশীল। সমুদ্র যিকোনো কাৰণত ক্ষতিগ্রস্ত হ’লে সামুদ্ৰিক জৈৱ-বৈচিত্ৰ্যৰো ক্ষতি হয়। যি প্রকাৰান্তৰে ক্ষতি কৰে এই বিশ্ব প্রকৃতিৰ। অথচ প্লাষ্টিক, আৱর্জনা বা তেল পৰি নিতৌ দূষিত হৈছে সমুদ্রৰ জল। এই সমুদ্রই নৱৰূপ নাপালে টিকি নাথাকিব মানৱ সভ্যতা। মহাসাগৰসমূহক কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু ভৱিষ্যতে বহনক্ষমভাৱে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে জ্ঞানৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰসংঘই ৮ জুনক বিশ্ব মহাসাগৰ দিৱস হিচাপে স্বীকৃতি দিয়ে আৰু দেশে দেশে পালিত হয়।

  •  ইতিহাস
    ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগে এক গুৰুত্বপূৰ্ণ প্ৰতিবেদনত গ্ৰহটোক জুৰুলা কৰা বহু পৰিৱেশগত সমস্যাৰ ওপৰত আলোকপাত কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষিভূমি, বনাঞ্চল আৰু অন্যান্য খণ্ডতকৈ বেছিকৈ নহ’লেও সাগৰসমূহত বিৰূপ প্ৰভাৱ পৰিছে। প্ৰায় ডেৰ দশকৰ পিছত বিশ্ব মহাসাগৰ দিৱসৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ কৰা হৈছিল কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ (আইচিঅ’ডি) আৰু কানাডাৰ মহাসাগৰ প্ৰতিষ্ঠান (অ’আইচি)ত ১৯৯২ চনত। কিন্তু দ্য অ’চেন প্ৰজেক্ট আৰু ৱৰ্ল্ড অ’চেন নেটৱৰ্ক, আৰু অন্যান্য বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু সংগঠনৰ মাজত বিশ্বব্যাপী সহযোগিতাৰ পিছতহে ২০০৮ চনত ৰাষ্ট্ৰসংঘই ৮ জুনক স্বীকৃতি দিয়ে বিশ্ব মহাসাগৰ দিৱস হিচাপে।
  • তাৎপৰ্য
    বিশ্ব মহাসাগৰ দিৱসে বিশ্বৰ সাগৰীয় ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা সূক্ষ্ম ব্যৱস্থাসমূহৰ বিষয়ে আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা ই কেনেকৈ ক্ৰমান্বয়ে বিপদত পৰিছে সেই বিষয়ে জ্ঞান প্ৰসাৰিত কৰিব বিচাৰে। বৃদ্ধি পোৱা প্ৰদূষণৰ পৰা আৰম্ভ কৰি সাগৰৰ পানীৰ অম্লীয়কৰণ, বৃদ্ধি পোৱা গড় উষ্ণতা, সাগৰৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস হোৱালৈকে। সজাগতা বিয়পোৱাৰ জৰিয়তে বিশ্ব মহাসাগৰ দিৱসে পৃথিৱীৰ প্ৰধান জলভাগসমূহক সুৰক্ষিত কৰাৰ আশা কৰিছে।
  •  বিষয়বস্তু
    ২০২২ চনৰ বিশ্ব মহাসাগৰ দিৱসৰ বিষয়বস্তু হৈছে ‘পুনৰুজ্জীৱিতকৰণ: মহাসাগৰৰ বাবে সামূহিক কাৰ্য’ বা Revitalisation: Collective Action for the Ocean। এইবাৰৰ বিষয়বস্তুত কেৱল সাগৰৰ ক্ষতি কৰাটো কেনেকৈ বন্ধ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সামূহিক প্ৰচেষ্টাৰ জৰিয়তে সাগৰসমূহক পূৰ্বৰ গৌৰৱলৈ ঘূৰাই অনাৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More