দীপামণি হাজৰিকা বৰুৱা
জীৱনৰ সমস্যাবিলাকক বুজি পোৱাৰে পৰা এতিয়ালৈকে যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ, নিজক উদঙাই দেখুৱাইছোঁ, যিমানখিনি মানুহ ছাঁ হৈ আশে পাশে আছে, সেইসকলৰ ভিতৰত চিকিৎসক সকলৰ ঠাই মোৰ বাবে শিক্ষাগুৰুসকলৰ পাছতেই। ভাবিবলৈকে ভয় লাগে, কি হ’লহেঁতেন যদি পৃথিৱীত চিকিৎসক সকল নাথাকিলহেঁতেন ! শাৰীৰিক, মানসিক সকলো দিশতে চিকিৎসকসকলে সহায় নকৰা হ’লে জীৱন সঁচা অৰ্থত জীৱন হৈ উঠিলহেঁতেন নে ? অথচ সেই চিকিৎসকসকলৰ ওচৰত আমি কিমান কৃতজ্ঞ? বেমাৰ ভাল হোৱাৰ পাছত কিমান মনত ৰাখো তেওঁলোকক? কেতিয়াবা চিকিৎসা কৰাৰ ক্ষেত্ৰত অকণমান হেৰ ফেৰ হ’লেই আক্ৰমণ কৰিবলৈ আগবাঢ়ি যোৱা আমি কিমানে অনুভৱ কৰোঁ- তেওঁলোকৰো এখন সংসাৰ আছে। আমাৰ সন্তানৰ দৰে তেওঁলোকৰ সন্তানেও তেওঁলোকৰ বাবে বাট চাই ৰৈ থাকে। ৰাতি দহ,বাৰ বজাতো ফোনত হলেও আমাৰ সমস্যা সমাধান কৰি থকা তেওঁলোকৰ জীৱনতো অলেখ সমস্যা থাকে।
দহ পোন্ধৰ দিনৰ মূৰে মূৰে কিবা নহয় কিবা এটা বেমাৰ হৈছিল বাবেই হয়তো ওপজা ঠাই ঘিলামৰাৰ চিকিৎসকজনৰ লগত সৰুৰে পৰা এটা ভাল সম্পৰ্ক আছিল। চিকিৎসক বুলি মানি লৈছিলো, বিশ্বাস কৰিছিলো যদিও তেখেত প্ৰকৃততে চিকিৎসক নাছিল। তেখেত আছিল এজন কম্পাউন্ডাৰ। যাতায়াতৰ ব্যৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে সেইসময়ত আমাৰ ঠাইখনলৈ চিকিৎসক বেছিদিন থকাকৈ খুউব কমহে আহিছিল। গতিকে সৰহখিনি সময়ত মানুহজনক আমি বিপদৰ বন্ধু হিচাপে পাইছিলোঁ। বেমাৰ হলে ঔষধ দিয়া, ঘৰলৈ আহি চেলাইন দিয়া, কাৰোবাৰ কেঁচুৱা জন্ম হ’লে ৰাতি যিমান সময়তে নহওক মানুহজন আহি হাজিৰ হয়। মানুহজন বহুত খঙাল।মুখলৈ যি শব্দ আহে বিচাৰ নকৰাকৈ সেই শব্দৰেই গালি পাৰে ৰোগীক। সকলোকে তই বুলি মাতে। দেখাত বহুত খঙাল যেন লাগিলেও মানুহজনৰ অন্তৰখন কিন্তু বৰ বিশাল।বিপদৰ সময়ত কাকো এৰি নিদিয়ে। হাজাৰ দুৰ্গম বাট হ’লেও তেওঁ চাইকেল মাৰি মাৰি বেমাৰীক চিকিৎসা কৰেগৈ। গতিকে সেইসময়ত ঘিলামৰাত চিকিৎসক মানেই তেওঁ। ঔষধৰ দোকান মানেই তেওঁৰ দোকান।
মানুহজনৰ নাম মনবৰ দত্ত। দেখাত ক্ষীণ মানুহজনৰ মাতটো অতি ডাঙৰ। ঘিলামৰাৰ মানুহে এসময়ত সকলো এৰি থাকিব পাৰিছিল যদিও মনবৰ দত্ত নোহোৱাকৈ থাকিব নোৱাৰিছিল। সকলো সমস্যাৰ সমাধান থাকে তেওঁৰ ওচৰত। সকলো বেমাৰৰ চিকিৎসা থাকে তেওঁৰ ওচৰত।সৰু ল’ৰা ছোৱালী বিলাকেও বহুত ভয় কৰে তেওঁক। এতিয়াও মনত আছে,সৰুতে হোৱা বহুত বেমাৰ মনবৰ বৰতাই বেজী দিব বুলি কোৱাৰ লগে লগে ভাল হৈ গৈছিল। দুষ্ট ল’ৰা ছোৱালী বিলাকক মাক সকলে ভয় খুৱাইছিল, “বেছি দুষ্টামি কৰিলে মনবৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈ বেজী দিয়াই দিম।”
মনবৰ দত্ত সেইসময়ত বহুত মানুহৰ বাবে ভগৱান স্বৰূপ আছিল। ঘিলামৰা অঞ্চলৰ মানুহবোৰে তেখেতক যথেষ্ট সন্মানো কৰিছিল।যাৰ বাবে শৰীৰৰ বেমাৰৰ লগতে বহু সময়ত মনৰ বেমাৰ, ইজনে সিজনৰ লগত কৰা কাজিয়া পেচালো মীমাংসা কৰিব লগীয়া হৈছিল বৰতাই। আৰু আনৰ কটু কথা !! বেজী দিবলৈ, চেলাইন দিবলৈ গৈ কিমানৰ যে কটু কথা শুনিছিল তেওঁ। এবাৰ বোলে প্ৰসৱ বেদনাত ভূগি থকা এগৰাকী মহিলাই দত্ত বৰতাক ইমান জোৰেৰে মাৰি দিছিল যে বহুদিনলৈ তেওঁৰ কাণখন তাল মাৰি আছিল।
মনবৰ বৰতাৰ খং যিমান আছিল মানুহলৈ মৰমো সিমানেই আছিল।সহজ সৰল মানুহ অলপৰ অটল বিশ্বাসৰ আসনখনত বহি লৈ মানুহজনে ৰোগীৰ লগত প্ৰয়োজন অনুসৰি ধেমালিও কৰিছিল। এবাৰ ওচৰৰে বৰমা এগৰাকী মনবৰ বৰতাৰ ওচৰলৈ গৈ লাজ লাজকৈ কলে- “মই দুমাহ গা-মূৰ ধোৱা নাই।” মনবৰ বৰতাই বুজিও পাইছিল যে এই বাক্যশাৰীৰ দ্বাৰা বৰমা গৰাকীয়ে তেওঁ যে সন্তান সম্ভৱা হৈছে সেই কথাষাৰ বুজাব বিচাৰিছে। তথাপি একো নুবুজাৰ দৰে বৰতাই কৈ উঠিছিল–“ছিঃ ছিঃ। ইমান দিন গা নুধুৱাকৈ কেনেকৈ আছ। যা সৌ তাতে ধুই ল”। ওচৰৰ টিউবেলটোলৈ আঙুলিয়াই কথা কৈ থকা বৰতাৰ মুখলৈ চাই লাজকুৰীয়া বৰমাজনীৰ লগতে ওচৰত থকা সকলোৱে গিৰ্জনী মাৰি হাঁহি উঠিছিল।
এয়াই মনবৰ বৰতা।সুখে দুখে প্ৰায় তিনিটা মান যুগ এটা অঞ্চলৰ মানুহক সাহস আৰু প্ৰেৰণাৰ ঔষধেৰে জীয়াই ৰখা মানুহজন হৈছে মনবৰ বৰতা।বৰতাৰ প্ৰতি মানুহৰ ইমানেই বিশ্বাস আছিল যে বৰতাই যি দৰৱেই খাবলৈ নিদিয়ক মানুহৰ ভাল হৈছিল। বহুত মানুহে আনকি চিকিৎসা কৰা মানুহ, ফাৰ্মাছিত থকা মানুহ মানেই মনবৰ বৰতা বুলি ভাবিছিল। এবাৰ ওচৰৰে গাঁও এখনৰ মানুহ এজনৰ লখিমপুৰ টাউনলৈ যাওঁতে ডাঙৰকৈ এক্সিডেন্ট হ’ল আৰু হাস্পতালত ভৰ্তি হব লগা হ’ল।অলপ পাছতে ঘৰৰ পৰা গৈ ওলোৱা মানুহজনৰ পত্নীক নাৰ্চ এগৰাকীয়ে এটা ঔষধ কিনি আনিবলৈ পঠিয়ালে।প্ৰায় এঘন্টামানৰ পাছত মানুহ গৰাকীয়ে আহি এখনো ঔষধৰ দোকান নাপালো বুলি কলেহি। যিহেতু হাস্পতালখনৰ লগতে ফাৰ্মাছি লাগি আছিল,নাৰ্চ গৰাকীয়ে গৈ খবৰ কৰাতহে উৰহী গছৰ ওৰ ওলাল। মানুহ গৰাকীয়ে ওচৰৰ প্ৰতিখন ফাৰ্মাছিলৈ গৈ এইখন মনবৰ ডাক্তৰৰ দোকান হয়নে বুলি সোধেগৈ আৰু তেওঁলোকে নহয় বুলি কয়। তেওঁলোকেনো কেনেকৈ জানে যে মানুহগৰাকীৰ বাবে য’তেই নাথাকক ঔষধ থকা দোকান মানেই যে মনবৰ ডাক্তৰৰ দোকান !!!
মনবৰ বৰতা এতিয়া নাই। কিন্তু তেওঁৰ স্মৃতি বিলাক, তেওঁৰ লগত জড়িত বহুত কাহিনী এতিয়াও বজাৰ,জুহাল,পথাৰৰ ৰবাব টেঙাৰ মলমলীয়া আড্ডাৰ মাজে মাজে ঘূৰি ফুৰে।যদিও পেছাত চিকিৎসক নাছিল মোৰ বাবে এতিয়াও জীৱনৰ প্ৰথম মনত ৰাখিব লগীয়া চিকিৎসকজন মনবৰ বৰতা। আমাৰ ঠাইখন আগতকৈ বহুখিনি সলনি হ’ল। এসময়ত একেবাৰে চিকিৎসক নথকা হাস্পতালখনত ডাক্তৰ-নাৰ্চৰ সংখ্যা বৃদ্ধি পালে। তথাপি জীৱনৰ বিয়লি বেলাৰ লগত মিতিৰালি কৰা সৰহখিনি মানুহৰ মন-মগজুত এজন ভাল, কৰ্মপটু চিকিৎসক হিচাপে সাহসী মনবৰ বৰতাৰ উপস্থিতি এতিয়াও বিৰাজমান। মোৰ শহুৰ দেউতা ঢুকুৱাৰ অলপ দিনৰ আগৰ কথা। বিছনাৰ পৰা উঠিব নোৱাৰা দেউতাক পাঁচদিনৰ বাবে এগৰাকী নাৰ্চে বেজী দিছিল।নাৰ্চ গৰাকীয়ে বেজী দি থৈ যোৱাৰ পাছত দেউতাই সদায় এষাৰ কথাই কয়,”মনবৰে দিয়া হলে ইমান দুখ নাপাওঁ!” মন কৰিছিলোঁ,নাৰ্চ গৰাকীয়ে বহুত আলফুলে তেওঁক বেজীটো দিছিল। কিন্তু শহুৰ দেউতাৰ মনত মনবৰ বৰতাৰ বেজীটোৱে ইমান সাঁচ বহুৱাই থৈছিল যে আনে বহুত ভালকৈ দিলেও সেই বেজীৰ ঠাই ল’ব নোৱাৰিছিল।শহুৰ দেউতাৰ দৰে এতিয়াও ঘিলামৰাৰ বহু ককা, আইতাই জীৱনৰ অন্তিম সময়ত অসহায় হৈ বিৰবিৰাই কয় “আজি যদি মনবৰ ডাক্তৰ থাকিলহেঁতেন…!!”