আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ প্ৰতিৰক্ষা বিষয়াৰ মতে ২০২১-২২ চনত ভাৰতে আমেৰিকা, ফিলিপাইনছ, দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকালৈ এই সামগ্ৰীসমূহ ৰপ্তানি কৰিছে। যোৱা পাঁচ বছৰৰ তুলনাত ভাৰতৰ সামৰিক সঁজুলিৰ ৰপ্তানি প্ৰায় ৬ গুণ বৃদ্ধি পাইছে।

* পাঁচ বছৰত উল্লেখযোগ্য ৰপ্তানি বৃদ্ধি
প্ৰতিৰক্ষা উৎপাদনৰ অতিৰিক্ত সচিব সঞ্জয় জাজুৱে এখন সংবাদমেলত কয়— “২০২১-২২ চনত আমি ১৩ হাজাৰ কোটি টকাৰ সামৰিক সামগ্ৰী ৰপ্তানি কৰিছোঁ। যিটো এতিয়ালৈকে সামৰিক সঁজুলি ৰপ্তানিৰ ক্ষেত্ৰত সৰ্বাধিক।” তেওঁ কয় যে, পাঁচ বছৰৰ আগৰ তুলনাত এই ৰপ্তানি প্ৰায় আঠগুণ বৃদ্ধি পাইছে। ২০২০-২১ চনত ভাৰতে ৰপ্তানি কৰিছিল ৮,৪৩৪ কোটি টকাৰ সামৰিক সামগ্ৰী। ২০১৯-২০ চনত ৯,১১৫ কোটি টকা আৰু ২০১৫-১৬ চনত ২,০৫৯ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি কৰা হৈছিল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ২০২০ চনৰ আগষ্ট মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে বছৰি ৫ বিলিয়ন টকাৰ সঁজুলি ৰপ্তানিৰ লক্ষ্য লৈছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰে দেশৰ বাবে ২৫ বিলিয়ন মূল্যৰ সামৰিক সামগ্ৰী উৎপাদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দেশৰ ৯০ শতাংশ সামৰিক অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই অধিক গুৰুত্ব পাই আহিছিল। কিন্তু যোৱা বছৰ পৰিস্থিতি সলনি হ’ল। অভিলেখসংখ্যক সামৰিক সঁজুলি ৰপ্তানিৰ ভিতৰত ৩০ শতাংশ ৰপ্তানি কৰিছিল চৰকাৰী সংস্থাসমূহে।

* ক’ৰনাৰ ফলত প্ৰতিকূল অৱস্থা
প্ৰতিৰক্ষা উৎপাদন বিভাগৰ অতিৰিক্ত সচিব (ডিডিপি) সঞ্জয় জাজুৱে কয় যে, ভাৰতে লাহে লাহে সামৰিক সঁজুলি বা অস্ত্ৰ-শস্ত্ৰ উৎপাদনত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু ক’ৰণা মহামাৰীৰ বাবে সামৰিক অস্ত্ৰৰ উৎপাদন বা ৰপ্তানি বহু পৰিমাণে হ্ৰাস পায়। সেই সময়ত ভাৰত আৰু সমগ্ৰ বিশ্ব মহামাৰীৰ বলি হৈছিল। ব্যৱসায়িক ব্যৱসায় প্ৰায় স্থগিত হৈছিল। কিন্তু মহামাৰীৰ পিছত ভাৰতে পুনৰ সামৰিক সঁজুলিৰ উৎপাদন আৰু ৰপ্তানিৰ ফালে মন মেলিলে। ২০২১-২২ চনত অভিলেখসংখ্যক অস্ত্ৰ ৰপ্তানি কৰে। যিটো ভাৰতৰ সামৰিক সঁজুলি ৰপ্তানিৰ ইতিহাসত সৰ্বাধিক।

* প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি
ছুইডেনৰ থিংক টেংক ষ্টকহ’ম শান্তি গৱেষণা প্ৰতিষ্ঠানে চলিত বৰ্ষৰ মাৰ্চ মাহত ট্ৰেণ্ডছ ইন ইণ্টাৰনেশ্যনেল আৰ্মছ ট্ৰেন্সফাৰ ২০২১ শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি ম্যানমাৰ, শ্ৰীলংকা আৰু আৰ্মেনিয়াৰ লগতে বিশ্বৰ অস্ত্ৰ ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত ভাৰত ২৩ নম্বৰ স্থানত আছে। আনহাতে, অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে ক্ৰমান্বয়ে নিজৰ স্থান উন্নত কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More