আদানিৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা কাৰ – কংগ্ৰেছৰ প্ৰশ্ন

লখিমপুৰত কংগ্ৰেছৰ সংবাদমেল

0 16
 শতাব্দ ষ্টাফ ৰিপ টাৰ লখিমপুৰ ; ৩১ মাৰ্চ ; জেলৰ ভয় , সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰিব ৰাহুল গান্ধীৰ কণ্ঠ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গণতন্ত্ৰ গভীৰ সংকটত আৰু পদদলিত হৈছে দেশৰ সংবিধান।  চৰকাৰৰ চক্ৰান্তৰ বলি হৈছে ৰাহুল গান্ধী – এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জু বৰাৰ । নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আজি এক সংবাদমেলত এই মন্তব্য সাধাৰণ সম্পাদক গৰাকীৰ । সংবাদ মেলত তেওঁ আৰু কয় – কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পোনপটীয়া আৰু সহজ প্ৰশ্নৰ ফালৰি কাটি কেৱল প্ৰধানমন্ত্ৰীক সুৰক্ষা দিবলৈকে এখন নাটক ৰচনা কৰা হল । ৰাহুল গান্ধীৰ স্পষ্ট প্ৰশ্নটো আছিল -আদানী কোম্পানীলৈ ২০ হেজাৰ কোটি টকা কৰ পৰা আহিল ?কোনে বিনিয়োগ কৰিলে এই বিপুল পৰিমাণৰ ধন ? ইয়াৰ উত্তৰ নিদি দেশৰ জনতাৰ হকে মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে বি জে পি চৰকাৰে ষড়যন্ত্ৰ আৰম্ভ কৰিলে বুলি বিজেপিক তীব্ৰ সমালোচনা কৰে। বিজেপিৰ আমোলত লখিমপুৰতো প্ৰায় ২০ কোটি টকাৰ কেলেংকাৰী হোৱাৰো অভিযোগ তোলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীৰ । তেওঁ কয়  সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো ভ্ৰষ্টাচাৰী , দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ মহা মিলনৰ স্থান হৈ পৰিছে বিজেপি । বিজেপিৰ ৱাছিং পাউদাৰ নিৰ্মাত ধুই সকলো নেতাৰ কলংকিত অতীত নিকা কৰি পেলোৱা হল। বিজেপিত সকলো দুৰ্নীতিগ্ৰস্ত  কলংকিত নেতা আজি সুৰক্ষিত বুলি অভিযোগ তুলি আগন্তুক সময়ত ভূপেন বৰাৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হব বুলিও সজোৰে মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ।এ আই ইউ ডি এফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ,সেয়ে কোনোকালে কংগ্ৰেছ দলৰ লগত এ আই ডি এফ দলৰ লগত বুজাবুজি নহয় বুলিও কয় কংগ্ৰেছ নেতা গৰাকীয়ে । আজিৰ সংবাদ মেলত কংগ্ৰেছৰ জিলা সভাপতি গগন বৰা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জিন্টু হাজৰিকা , জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক, মেডিয়া কনভেনৰ মুষ্টাক গোলাম দামনী, জিলা কংগ্ৰেছৰ উপ সভাপতি বাহাৰুল ইছলাম, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈ উপস্থিত থাকে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More