শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ : আধাৰ কাৰ্ডধাৰীসকলৰ বাবে অতি ডাঙৰ খবৰ। যদি আপুনিও আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে জানি থওক যে এতিয়া চৰকাৰে নতুন আদেশ জাৰি কৰিছে। এই নিৰ্দেশনা পালন নকৰিলে গ্ৰাহক বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ কোনোবাই আধাৰ আপডেট কৰাৰ বাবে ধন বিচাৰিলে অভিযোগ দাখিলৰ বাবে নম্বৰো ঘোষণা কৰিছে চৰকাৰে।
ইউআইডিএআইৰ টুইট
ইউআইডিএআইয়ে এক টুইটযোগে কয় যে আধাৰ আপডেট কৰাৰ বাবে অতিৰিক্ত ধন লোৱা যিকোনো সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কোনোবাই এনে কৰিলে ১৯৪৭ নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব।
বিভাগৰ টুইট
আধাৰ এটা গুৰুত্বপূৰ্ণ নথি, গতিকে এই ক্ষেত্ৰত ইয়াক আপোনাৰ সকলো গুৰুত্বপূৰ্ণ নথিৰ সৈতে আৰু বেংকত লিংক কৰি ৰাখক, যাতে কোনো সমস্যা নহয়। আয়কৰ বিভাগেও এই সন্দৰ্ভত টুইট কৰে। ইয়াত কোৱা হৈছে যে আয়কৰ আইন, ১৯৬১ অনুসৰি পেনক আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২৩। এই দিনটো ৰেহাই পোৱা শ্ৰেণীৰ অন্তৰ্গত নথকাসকলৰ বাবে। লগতে জনোৱা হৈছে যে যদি পেন আধাৰৰ সৈতে সংযুক্ত নহয় তেন্তে পেন নিষ্ক্ৰিয় কৰা হ’ব।
চিবিডিটিৰ সকীয়নি
ইতিমধ্যে কেইবাবাৰো বৃদ্ধি কৰা হৈছে পেন আধাৰৰ সৈতে সংযোগৰ তাৰিখ। এইবাৰ চৰকাৰ আৰু তাৰিখ বৃদ্ধি কৰাৰ পক্ষত নাই। গতিকে আধাৰ আৰু PAN অতি সোনকালে লিংক কৰিব লাগে। চিবিডিটিয়ে এই সন্দৰ্ভত কেইবাটাও সতৰ্কবাণী জাৰি কৰিছে।
পেনাল্টি দিলেও লিংক কৰিব নোৱাৰিব
চিবিডিটিয়ে জনোৱা মতে, ৩০ জুনৰ পাছতো যদি কোনো এজনৰ আধাৰ পানৰ সৈতে জড়িত নহয় তেন্তে ১০০০ টকা জৰিমনা আৰোপ কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ চৰকাৰে কয় যে পলম মাছুল আৰোপ কৰাৰ পিছতো কোনেও নিজৰ পেন আধাৰৰ সৈতে সংযোগ কৰিব নোৱাৰিব। এনে সুযোগ কাকো দিয়া নহ’ব।
১০ হাজাৰ টকা জৰিমনা বিহা হ’ব
২০২৩ চনৰ ৩১ মাৰ্চলৈকে তেওঁলোকৰ পেন আধাৰৰ সৈতে লিংক কৰিব পাৰিব। যিসকলে এই নথি দুটা লিংক নকৰে তেওঁলোকৰ পান কাৰ্ডো অসাৰ হৈ পৰিব। ইয়াৰ পিছত পান কাৰ্ডধাৰীয়ে বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি আন কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব। লগতে যদি তেওঁ এই অবৈধ পেন কাৰ্ড যিকোনো ঠাইত ব্যৱহাৰ কৰে তেন্তে তেওঁক আয়কৰ আইন, ১৯৬১ৰ ২৭২ বি ধাৰাত ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।