আধা ডজন গ’লৰ যুঁজ, মেচ নহয় যেন ৰ’লাৰক’ষ্টাৰ ৰাইড!

কেমেৰুণ বনাম ছাৰ্বিয়া : ৬টা গ’লৰ মেচখন ৩-৩ গ’লত ড্রত সমাপ্ত হয়৷ দুয়োটা দলৰ সংগ্ৰামে চুই গ'ল হৃদয়।

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : চলিত কাটাৰ বিশ্বকাপ নৱম দিনত প্ৰৱেশ কৰিছে। আজি ২৮ নৱেম্বৰ সোমবাৰে দিনটোৰ প্ৰথমখন খেলত কেমেৰুণ ছাৰ্বিয়াৰ মুখামুখি হয়। নিজৰ নিজৰ প্ৰথমখন খেলত দুয়োটা দলেই পৰাস্ত হৈছিল। ফলত কেমেৰুণ আৰু ছাৰ্বিয়াই তিনিটা পইণ্ট লাভেৰে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িবলৈ হাহাকাৰ কৰিছিল। সেয়ে আল জানাব ষ্টেডিয়ামত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ এক উল্লেখযোগ্য মেচ দেখা গ’ল। নিঃসন্দেহে চলিত ছিজনৰ অন্যতম শ্ৰেষ্ঠ মেচ। আজিৰ দিনটোত দুয়োটা দলে তিনিটাকৈ গ’ল দিয়ে। আধা ডজন গ’লৰ মেচখন আছিল ৰ’লাৰক’ষ্টাৰ ৰাইডৰ দৰে। তীব্ৰ যুঁজৰ শেষত পইণ্ট ভগাই ল’লে দুয়ো দলে। এসময়ত ছাৰ্বিয়া ৩-১ গ’লৰ ব্যৱধানত আগবাঢ়ি থকাৰ পিছতো জয়ৰ সুযোগ হেৰুৱালে। ফুটবল অনুৰাগীয়ে এই মেচখন বহুদিনলৈ মনত ৰাখিব। পুনৰ এখন আফ্ৰিকান দেশে ইউৰোপীয়ান দেশক জয়ৰ দুৱাৰদলিত ৰখাই দিলে। কেমেৰুণৰ প্ৰত্যাবৰ্তনেই ভৱিষ্যতৰ আশা। এই মুহূৰ্তত ব্ৰাজিল আৰু ছুইজাৰলেণ্ডে ক্ৰমে এখনকৈ মেচৰ পৰা ৩ পইণ্টকৈ লাভেৰে গ্ৰুপ জিত প্ৰথম আৰু দ্বিতীয় স্থানত আছে। দুখন মেচত এটা পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে কেমেৰুণ আৰু চতুৰ্থ স্থানত আছে ছাৰ্বিয়া। খেলখনৰ ২৯ মিনিটত কেষ্টলেট্টোৱে আফ্ৰিকান দলটোক আগুৱাই লৈ যায়। ইয়াৰ পাছতে ছাৰ্বিয়াই তিনি মিনিটৰ ভিতৰতে দুটাকৈ গ’ল দি আগবাঢ়ি যায়। ৪৬ মিনিটত ফ্ৰী কিকৰ পৰা পাভলভিচে বলটো হেড কৰি গ’ল দিয়ে। তাৰ পাছত ৪৮ মিনিটত ছাভিচৰ গ’লেৰে স্ক’ৰলাইন ২-১ হয়। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ লগে লগে ছাৰ্বিয়া পুনৰ আগবাঢ়িল। মিট্ৰভিচে এটা চমৎকাৰ গ’ল দি ছাৰ্বিয়াক ৩-১ গ’লত আগুৱাই লৈ যায়। এই মেচত কেমেৰুণৰ প্ৰত্যাবৰ্তন ঘটিব বুলি কোনেও ভবা নাছিল যদিও আফ্ৰিকান দলটোৱে ৩-৩ গ’লত স্ক’ৰলাইন কৰি সকলোকে আচৰিত কৰি তুলিলে। ৬৩ মিনিটত আবুবকাৰ আৰু ৬৬ মিনিটত মটিঙে গ’ল কৰি অনুৰাগীৰ উন্মাদনা বঢ়াই তুলিলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More