আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত সাংস্কৃতিক কেন্দ্ৰ তামুলপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

0 9
শতাব্দ প্ৰতিনিধি‍, তামুলপুৰ, ২৪ জুনঃ আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ, অসম আন্দোলনৰ তামুলপুৰৰ মূল হোতা, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিস্থাপক, তামুলপুৰ পৌৰসভাৰ পৌৰপতি, সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ স্মৃতিত তামুলপুৰ মহকুমা সাংস্কৃতিক কেন্দ্ৰই আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া যুগান্ত বায়নে পৰিচালনা কৰা অনুষ্ঠানটোত প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক ধৰ্মকান্ত তালুকদাৰে। অনুষ্ঠানত বিটিচিৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা, সাংস্কৃতিক কৰ্মী অভিজিত দাস, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মুকুন্দ দাস, জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ সভাপতি ৰামেশ্বৰ ব্ৰহ্ম আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানত জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ, তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰতাপ ব্ৰহ্ম, সাংস্কৃতিক মহাসভা, অসমৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি গোপীনাথ দাস, সম্পাদক ব্ৰজেন মহন্ত, সাংস্কৃতিক কৰ্মী শ্যামল দাস, তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ বিষয়ববীয়া, অসম নাট্য সন্মিলন তামুলপুৰ শাখাৰ বিষয়ববীয়া, অসম নাট্য সন্মিলন ৰত্নপীঠ মণ্ডলৰ বিষয়ববীয়া, তামুলপুৰ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। উল্লেখযোগ্য যে যোৱা ২০ জুনৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত তামুলপুৰৰ সমাজজীৱনত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি এইগৰাকী পুৰোধা ব্যক্তিয়ে এই পাৰ্থিৱ জগতৰ পৰা চিৰ বিদায় মাগে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More