আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে চলাচল আৰম্ভ

পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী কলীয়াভোমোৰা প্ৰথমখন দলঙৰে যাতায়াত বন্ধ

0 35

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে যাতায়াত আৰম্ভ হ’ব৷ আনহাতে সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলীয়া ভোমোৰা দলংখনৰে সকলো যাতায়ত বন্ধ হ’ব৷ আজি তেজপুৰস্হিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত বিয়লি ৪-৩০বজাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ উল্লেখযোগ্য যে, চাৰিলেনযুক্ত পথৰ প্ৰকল্পৰ অধীনত তেজপুৰ-নগাঁও সংযোগী স্হানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে দ্বিতীয়খন দলং৷আনহাতে যোৱা ৩৫বছৰে ব্যৱহাৰ হোৱা পুৰণি কলিয়াভোমোৰা দলংখনৰে যানবাহনৰ চলাচল অধিক হোৱাৰ লগতে সম্প্ৰতি দলংখনৰ যথেষ্ট পৰিমাণে মেৰামতি কৰিবলগীয়া অৱস্থা হৈছে৷ এনে পৰিস্থিতিত পুৰণা দলংখনৰ মেৰামতিৰ কাম পহিলা নবেম্বৰৰপৰা বৰ্তমান দ্বিতীয় দলংখন নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৱেই আৰম্ভ কৰিব আৰু এমাহৰ ভিতৰত গুৰুত্বপূৰ্ণ দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’ব৷ এই সময়চোৱাত ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰে চলাচল কৰা যান বাহন সমূহ কলিয়াভোমোৰাৰ দ্বিতীয়খন অৰ্থাৎ নতুন দলংখনৰে চলাচল কৰিবলৈ অনুমতি দিয়া হৈছে।উল্লেখযোগ্য যে,পুৰণা দলংখনৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছতেই নৱনিৰ্মিত দ্বিতীয়খন দলঙৰো আনুষ্ঠানিক উদ্বোধন হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,দলঙৰ সমান্তৰালভাৱে নগাঁৱৰ চুলুঙৰ সমীপত এখন টোলগে’টো নিৰ্মাণৰ কাম চলি আছে৷ আনহাতে তেজপুৰৰ দোলাবাৰীৰ পৰা জামুগুৰি সংযোগী চাৰিলেন যুক্ত পথৰ অধীনত জীয়াভৰলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ নিৰ্মাণ কাৰ্য বৰ্তমান ৫০শতাংশ সম্পূৰ্ণ হৈছে আৰু পথৰ কাম ২০শতাংশ সম্পূৰ্ণ হৈছে বুলি সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে সদৰি কৰাৰ লগতে ২০২৩ৰ আগষ্টৰ ভিতৰত উক্ত প্ৰকল্পৰ কামো সম্পূৰ্ণ হ’ব বুলি কয়। সংবাদ মেলত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন পৰিসীমিতৰ তেজপুৰস্থৰ উপ মহাপ্ৰবন্ধক বিবেক যোশীয়েও অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More