আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ 20230323 163014তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ে৷ আজি প্ৰতিকূল বতৰৰ বাবে ১০অভাৰলৈ হ্ৰাস কৰা চূড়ান্ত খেলখনৰ টছত জয়ী হৈ কটন বিশ্ব বিদ্যালয়ে প্ৰথমে বেট কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আমন্ত্ৰণ জনায়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিষেক কুমাৰৰ ২২ৰাণৰ সহায়ত নিৰ্দ্ধাৰিত অভাৰত চাৰি উইকেটৰ বিনিময়ত ৮৫ৰাণ সংগ্ৰহ কৰে৷প্ৰত্যুত্তৰত কটন বিশ্ববিদ্যালয়ে ন উইকেট হৰুৱাই ৪২ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত ৪৩ৰাণৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷প্ৰতিযোগিতাখনৰ ফাইনেলত মেন অফ দি মেছৰ সন্মান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিষেক কুমাৰ সিঙে লাভ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ অবিনাশ ফুকনে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে৷ আনহাতে টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ বেটাৰ নিৰ্বাচিত হয় শিলচৰ বিশ্ব বিদ্যালয়ৰ অমন সিং আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ পাপু সোণাৰিয়ে৷ অসম ক্ৰিকেট সন্হাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, ধনভঁৰালী চিত্ৰজিৎ লাংথাছা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি ৰূপকমল কাকতিৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন ৰঞ্জি  খেলুৱৈ তথা শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসে বিজয়ী আৰু বিজিত দলক পদক তথা ট্ৰফী প্ৰদান কৰে৷ প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ১৩খন বিশ্ববিদ্যালয়ে অংশ লৈছিল৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More