আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ সদস্য নিৰ্বাচিত অসমৰ দুগৰাকী চলচ্চিত্ৰ সমালোচক

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : অসমৰ দুগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক— প্ৰাঞ্জল বৰা আৰু অপৰাজিতা পূজাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচন (FIPRESCI)ৰ ভাৰত অধ্যায় (India Chapter)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শিৱসাগৰৰ দিখৌমুখ মহাবিদ্যালয়ত ইংৰাজী বিভাগত অধ্যাপনা কৰা প্ৰাঞ্জল বৰা যোৰহাটস্থিত অসম চলচ্চিত্ৰ সমিতিৰ যুটীয়া সম্পাদক আৰু অসমৰ চলচ্চিত্ৰ সমাজ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁ ২০১৮ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে প্ৰদান কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰাৰ লগতে ২০১৭ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ প্ৰাগ চিনে বঁটাও লাভ কৰিছে। আনহাতে গুৱাহাটীৰ চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰী এগৰাকী কবি আৰু অনুবাদক। FIPRESCI-Indiaৰ জাৰ্নেল E-Cineindiaত তেওঁ নিয়মীয়াকৈ অৱদান আগবঢ়াই আহিছে। তেওঁৰ প্ৰবন্ধ Symptoms of Feminist Mystification in Indian Cinema (ভাৰতীয় চিনেমাত নাৰীবাদী মিষ্টিফিকেশনৰ লক্ষণ) FIPRESCIৰ দ্বাৰা প্ৰকাশিত Crtitics of Indian Cinema নামৰ গ্ৰন্থখনত প্ৰকাশ পাইছিল। ইয়াৰ পূৰ্বে অসমৰ আন পাঁচজন চলচ্চিত্ৰ সমালোচক— বিতোপন বৰবৰা, মনোজ বৰপূজাৰী, পাৰ্থজিৎ বৰুৱা, উৎপল দত্ত আৰু উৎপল বৰপূজাৰীক এই সন্মানীয় সংস্থাটোৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছিল। জাৰ্মানীৰ মিউনিখত মুখ্য কাৰ্যালয় থকা FIPRESCI হৈছে বিশ্বৰ ৫০খন দেশৰ পেছাদাৰী চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ সাংবাদিকৰ এটা ৰাষ্ট্ৰীয় সংগঠন। ১৯৩০ চনত বেলজিয়ামৰ ব্ৰাছেলছৰ একাডেমী পেলেচত প্ৰতিষ্ঠা কৰা হৈছিল এই সংস্থাটো। ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰ সমাজ আন্দোলনৰ প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ নিৰ্মাতা, বুৰঞ্জীবিদ আৰু অগ্ৰগামী চিদানন্দ দাসগুপ্তই প্ৰতিষ্ঠা কৰিছিল FIPRESCIৰ ভাৰতীয় অধ্যায় (India Chapter)।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More