আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা

0 55

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৯ নৱেম্বৰঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈ গোৱাৰ মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা India International Innovation and Invention Expo INEX 2022 প্ৰতিযোগিতাত উপাসনাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দুটাকৈ উদ্ভাৱন উপস্থাপন কৰিছিল।IMG 20221119 WA0034 1 ৰাছিয়া, পোলেণ্ড, ইৰাণ, থাইলেণ্ড আদি দেশবোৰৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত উপাসনাই “Molasses from Bhim banana” আৰু Food product from five varietis of bananas specially Bhimkol, Purakol, Cheni champa, Bar Jahaji & Jahaji, substitute to wheat flour. লক্ষীমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ এই মেধাৱী শিক্ষাৰ্থী গৰাকীক এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে মেণ্টৰ হিচাপে আগবঢ়াই লৈ গৈছে তেওঁৰেই শিক্ষাগুৰু যজ্ঞোৰাম বৰাই।গোৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী গৰাকীক সংগ দিছিল মেণ্টৰ যজ্ঞোৰাম বৰা আৰু শিক্ষয়িত্ৰী মানসী শইকীয়াই। IMG 20221119 WA0024মেধাৱী শিক্ষাৰ্থী গৰাকীৰ এনে সাফল্যত কৃষি মন্ত্ৰী অতুল বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন কুমাৰ বৰা, লক্ষীমপুৰ জিলাৰ।উপায়ুক্ত সুমিত সাত্তৱান, খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বীৰেণ বৰাকে ধৰি শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী সমাজে অভিনন্দন জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More