আন্তঃ-ডায়েট শৈক্ষিক বিনিময় কাৰ্যসূচী

0 13

উত্তৰ লখিমপুৰ, ২৬ এপ্ৰিলঃ  জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰ আজাদলৈ তিনিচুকীয়া জিলাৰ পৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা দলে এক্সপজাৰ ভ্ৰমণৰ অংশ হিচাপে ২৫ এপ্ৰিল তাৰিখে লক্ষীমপুৰলৈ আহে । জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা, কাৰ্যালয় সহায়ক, ডি.এল.এড. প্ৰশিক্ষাৰ্থী আদিৰে গঠিত দলটোৰ নেতৃত্ব বহন কৰে ডায়েট তিনিচুকীয়াৰ অধ্যক্ষা সঞ্চিতা গগৈয়ে। দলটোক ডায়েট লখিমপুৰৰ মূল তোৰণৰ পৰাই প্ৰতিষ্ঠানখনৰ অধ্যক্ষাসহ পৰিয়ালে সাদৰ আদৰণি জনায়। ডায়েট তিনিচুকীয়াৰ প্ৰতিনিধি বৰ্গৰ সন্মানাৰ্থে আয়োজিত অনুষ্ঠানটোত ডি.এল.এড. প্ৰথম ষান্মাসিকৰ চম্পক বৰাই গোৱা এটা বৰগীতেৰ শুভাৰম্ভ হয়। অনুষ্ঠানটো আঁত ধৰে প্ৰতিষ্ঠানখনৰ বি.এড. তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী প্ৰেমকৃষ্ণ শৰ্মাই। ডায়েট তিনিচুকীয়াৰ প্ৰত্যেকগৰাকী প্ৰতিনিধিক একোখনকৈ বিহুৱানেৰে অনুষ্ঠানটোৰ আৰম্ভণিতে সম্ভাষণ জনোৱা হয়। আদৰণি ভাষণত প্ৰবক্তা মৃণাল শৰ্মা বৰুৱাই ডায়েট লখিমপুৰৰ ইতিবৃত দাঙি ধৰে। ইয়াৰ পিছতে ডায়েট লখিমপুৰৰ হৈ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁইৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষাৰ্থীসকলে এটা সুন্দৰ অৰ্কেষ্ট্ৰা প্ৰদৰ্শন কৰে। ডায়েট তিনিচুকীয়াৰ হৈ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে এটা স্বৰচিত কবিতা পাঠ আৰু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। প্ৰতিষ্ঠানখনৰে প্ৰবক্তা নয়নমণি ফুকনে এটা সুন্দৰ গীত পৰিৱেশন কৰে। অনুষ্ঠানটোত ডায়েট লখিমপুৰৰ অধ্যক্ষা অঞ্জু বৰঠাকুৰে ব্যক্ত কৰে যে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সমন্বয়মূলক পৰিভ্ৰমণে শৈক্ষিক উত্তৰণৰ লগতে সাংস্কৃতিক দিশতো আগুৱাই যোৱাত সহায় কৰে। ডায়েট তিনিচুকীয়াৰ ভিন্নজন প্ৰবক্তাই বিভিন্ন ইতিবাচক বক্তব্যৰে প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰি তোলে। শলাগৰ শৰাই আগবঢ়ায় প্ৰবক্তা বিপ্লৱ গগৈয়ে। ডায়েট তিনিচুকীয়াৰ দলটিয়ে প্ৰবক্তা প্ৰভাত চন্দ্ৰ মৰাং, কৰ্ম শিক্ষাৰ শিক্ষক ভাগ্যৱতী ডফলাৰী আৰু পুনয়ুম নৰহৰ তত্বাৱধানত গঢ়ি তোলা আৰ্ট গেলাৰীৰ ভূয়সী প্ৰশংসা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More