আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড এৱাৰ্ড প্ৰদান

দুৰ্নীতিয়ে মানৱ অধিকাৰ ভঙ্গৰ মূল কাৰণ- বৰ্ণালী শৰ্মা বৰুৱা

0 20

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭এপ্ৰিলঃ এন্টি কৰাপশ্বন ফাউন্ডেশ্বন অব ইণ্ডিয়াৰ সভাপতি নৰেন্দ্ৰ আৰোৰাৰ সভাপতিত্বত হাৰিয়ানাৰ কাৰনালৰ ডাঃ মংগল সেন প্ৰেক্ষাগৃহ যোৱা ২৪এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ভাৰতৰ ৫২ গৰাকী লোকক আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড এৱাৰ্ড প্ৰদান কৰা হয় | উক্ত বৰ্ণাঢ্য অনুষ্ঠানটোত বলিউডৰ বিখ্যাত খলনায়ক ৰঞ্জিত বেডি, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰ অভিনয় কৰা সুৰেন্দ্ৰ পাল, ৰাষ্ট্ৰপতি বটা প্ৰাপক আ.পি.এচ সুমন মানজিৰি উপস্থিত থাকে । উক্ত অনুষ্ঠানত ৰঞ্জিত বডিয়ে কয় যে, তেঁও জীৱনত কোনো নিচাসক্ত দ্ৰব্য আজি পৰ্যন্ত হাত লগোৱা নাই যদিও অতি নিখুত ভাৱে পৰ্দাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ব্যক্তিগত জীৱনত নীতি আদৰ্শৰে গতি কৰি সমাজ উত্তৰণৰ কাম কৰি আছ। আই পি এচ সুমন মাংজাৰিয়ে কয় যে কৰাপশ্বন ফ্ৰি ভাৰতে সমাজ উত্তৰণ কৰিব পাৰিব | উক্ত অনুষ্ঠানটোত হিউমেন ৰাইটচ ইনটাৰনেশ্বনেল ফেডেৰেশ্বনৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক অসম জীয়ৰী ড° বৰ্ণালী শৰ্মা বৰুৱা, হিমাচলৰ কোব্ৰা বেটেলিয়নৰ গিৰীশ কুমাৰ মিচেচ ইন্ডিয়া ডা: নিকিতাই সন্মানীয় অতিথিৰ পদত অংশগ্ৰহণ কৰিছিল | সন্মানীয় অতিথিৰ ভাষণত ড° বৰ্ণালী শৰ্মা বৰুৱাই কয় যে দুৰ্নীতিয়ে মানৱ অধিকাৰ ভংগৰ অন্যতম কাৰক | দুৰ্নীতি মুক্ত সমাজে জনগণৰ অধিকাৰ ৰক্ষা কৰিব পাৰে | এই বঁটা প্ৰদান অনুষ্ঠানটিত অসমৰ তিনি গৰাকীক গ্লোৱেল ডাইমন্ড বঁটা প্ৰদান কৰা হৈছিল | সেইসকল ক্ৰমে অসম ৰাজ্যিক মহিলা আয়োগৰ চেয়াৰ পাৰছন ডাঃহেম প্ৰভা বৰঠাকুৰ ,সমাজ কৰ্মী শিক্ষক হিৰন্য নাথ আৰু গুৱাহাটীৰ সমাজ সেৱিকা নম্ৰতা বড়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More