আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰত চাইকেল সজাগতা ৰেলিঃ কৰ্মশালা অনুষ্ঠিত

0 110

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৯ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন,মহিলা আৰু শিশু কল্যাণ বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত “বেটি বচাও, বেটি পঢ়াও” আচঁনিখনৰ সম্পর্কত সজাগতাৰ উদ্দেশ্যে আজি পুৱা ৬.৩০ বজাত এক সজাগতা মূলক চাইকেল ৰেলী উলিওৱা হয় । লখিমপুৰ আবৰ্ত ভৱনৰ পৰা উলিওৱা উক্ত সজাগতা ৰেলি আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা উপায়ুক্ত সুমিত সত্তৱানে। উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মচাৰীবৃন্দৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য কৰ্মচাৰীৰ সকল উপস্থিত থাকে। লখিমপুৰ জিলা চাইকেল এছোচিয়েচনৰ এটি দলে ৰেলিটোত অংশগ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দিনৰ ১১ বজাৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত “বেটি বচাও বেটি পঢ়াও” আঁচনিখনৰ সজাগতাৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, শিক্ষা বিভাগ, নেহৰু যুৱ কেন্দ্ৰ, জিলা আইন সেৱা প্ৰাধীকৰণ, শিশু কল্যাণ সমিতি, সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰী সকল অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাত “মহিলা আৰু ছোৱালী সকলৰ মৌলিক অধিকাৰ সুৰক্ষিতকৰণত আইনী সুবিধা” বিষয়ত সমল ব্যক্তি হিচাপে জিলা আইন সেৱা প্ৰাধীকৰণৰ এগৰাকী প্ৰতিনিধিযে অংশগ্ৰহণ কৰে। আনহাতে, “মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত মহিলা আৰু ছোৱালীৰ বাবে উপলব্ধ সেৱা” বিষয়ত সমল ব্যক্তি হিচাপে তেলাহি উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্রকল্প বিষয়া মনজিত শৰ্মাই, “কিশোৰীসকলৰ বাবে শিক্ষাবিভাগৰ অধীনত উপলব্ধ সুবিধা” বিষয়ত সমগ্ৰ শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ডেৰাজুল হুছেইনে আৰু “স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত মহিলা আৰু ছোৱালীসকলৰ বাবে উপলব্ধ সেৱা” বিষয়ত ডাঃ কুইন বৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। একেটা অনুষ্ঠানতে নিজৰ কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলাখনৰ তিনিগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হ’ল- দীপালি পাতিৰ (স্বাৱলম্বী উদ্যোগী), পিংকি হাজৰিকা (ন্যায় আৰু সবলীকৰণ) আৰু নাৰ্জীতৰা বৰি (হস্ততাঁত আৰু বস্ত্ৰশিল্পত উদ্যমিতা)। আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং, জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ অভিযান সমন্বয়ক প্ৰাংগনা বৰা, Gender Specialist কুকি বৰুৱা আৰু জাহানুৰ ৰহমানৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More