আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক

0 25
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭  “দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE AFSACL” ৰ দ্বাৰা অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হৈছে।উল্লেখ্য যে, সাহিত্যৰ অনুৰাগী হাতীকাকতি বৰুৱাই ইতিমধ্যে তিনিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে অসমীয়া আৰু হিন্দী সাহিত্য চৰ্চা কৰি আন তিনিখন গ্ৰন্থও প্ৰকাশৰ বাবে সাজু হৈছে। বিগত ১৩ নবেম্বৰ তাৰিখে লক্ষ্নৌৰ “সিদ্ধাৰ্থ তথাগত কলা সাহিত্য সংস্হা” ই অসমৰ একমাত্ৰ সাহিত্যিক হিচাপে “তথাগত বিশিষ্ট সৃজন সন্মান” লক্ষ্নৌতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত আগবঢ়োৱা হাতীকাকতি বৰুৱাক বাংলা দেশৰ সংবাদ পত্ৰ “সাপ্তাহিক ব্ৰজকথা ” ৰ সহযোগত   দক্ষিণ এছিয়াৰ উক্ত অনুষ্ঠানে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ লক্ষ্যৰে “সম্প্ৰীতিৰ উথন” শীৰ্ষক মূলমন্ত্ৰৰে আয়োজন কৰা অনুষ্ঠানটিলৈ ভাৰত বৰ্ষৰ প্ৰতিনিধি হিচাপে এই আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ জনোৱাত উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী। এগৰাকী সাধাৰণ গৃহিনী নাজু হাতীকাকতি বৰুৱাৰ স্বামীও এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হোৱাত এই আমন্ত্ৰণ লাভ কৰিও আৰ্থিক সমস্যাৰ বাবে আমন্ত্ৰণ ৰক্ষা কৰিবলৈ অপাৰগতা প্ৰকাশ কৰাত এতিয়া সদাশয় ব্যক্তিৰ পৰা কিঞ্চিৎ সঁহাৰি লাভৰ আশা কৰিছে কবি সাহিত্যিক গৰাকীয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More