আন্দোলনৰ নামত চাকৰি প্ৰাৰ্থী সকলক পণবন্দী নকৰিব : মন্ত্ৰী হাজৰিকা

0 15

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ অনাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত সদৰি কৰা অনুসৰি ২১, ২৮ আগষ্ট আৰু ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা নিযুক্তি পৰীক্ষাত ১৪,৩০,৩৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব লগা এই পৰীক্ষা সুপৰিচালনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই জিলাসমূহৰ উপায়ুক্ত আৰু অন্যান্য অংশীদাৰীসকলৰ সৈতে যোৱা বুধবাৰে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এক বৈঠকত মিলিত হৈছিল। আনহাতে অসমত এই সময়খিনিত একাংশ সংগঠনে ‘কা’ বিৰোধী আন্দোলন কৰাৰ প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয় যে প্ৰায় ৩০ হাজাৰ চৰকাৰী পদৰ বাবে পৰীক্ষা হ’ব গৈ আছে, সেয়ে চাকৰিপ্ৰাৰ্থী সকলৰ জীৱন আৰু সংস্থাপনৰ স্বাৰ্থত কোনেও যাতে আন্দোলনৰ নামত বেমেজালিৰ সৃষ্টি নকৰে তাৰ বাবে সকলো পক্ষকে তেঁও আহ্বান জনায়। ২০১৯ চনত কৰা ‘কা’ বিৰোধী অন্দোলনৰ একাংশ নেতা অথবা সংগঠনে সেই সময়ত অসমৰ ৰাইজক মিছা কথাৰে বিপথে পৰিচালনা কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে তেতিয়া শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি গুৱাহাটীখনৰ অনিষ্ট কৰিছিল। ‘কা’ কাৰ্যকৰী হ’লে কোটি কোটি বাংলাদেশী নাগৰিক আমাৰ ৰাজ্যলৈ আহিব বুলি মিছা প্ৰচাৰ চলোৱা একাংশ নেতাৰ এনে আন্দোলনৰ পাছতো নিজৰ মতাদৰ্শত বিশ্বাস ৰাখি বৰ্তমানৰ দলটোয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে মতাদৰ্শগত পাৰ্থক্য আমাৰ মাজত থাকিব পাৰে, কিন্তু জোৰ জবৰদস্তি কাৰোবাৰ মতাদৰ্শক প্ৰতিস্থা কৰাৰ নামত আন্দোলন কৰি ৰাজ্যখনৰ খাতিখোৱা পৰিয়ালৰ চাকৰি প্ৰাৰ্থীসকলক কোনেও যাতে পণবন্দী নকৰে। আনহাতে ৰাজ্যখনৰ চাকৰিৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰাও কোনো প্ৰাৰ্থীয়ে আবেদন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কঠোৰ হ’ব লাগে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ এখন সংবিধানে নিৰ্দ্ধাৰণ কৰা নীতিৰ আধাৰত চলে। যেনেকৈ অসমৰ বহু নাগৰিকে বহিৰাজ্যত চাকৰি লাভ কৰি বৰ্তমানে কৰ্মৰত হৈ আছে তেনেকৈ যদি প্ৰচলিত নিয়মৰ আধাৰত আন ৰাজ্যৰ দুই এজনে আমাৰ ৰাজ্যৰ চাকৰি লাভ কৰে তেতিয়া আমাৰ কোনো অসুবিধা থাকিব নালাগে। মন্ত্ৰীগৰাকীয়ে পুনৰ সকলো পক্ষকে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় যে ‘কা’ আন্দোলনৰ নামত পৰিৱেশ অস্থিৰ কৰি অনাগত এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ যি নিযুক্তি পৰীক্ষা হ’বলৈ গৈ আছে সেই পৰীক্ষাত অৱতীৰ্ণ হ’বলগা প্ৰাৰ্থীসকলক যাতে পণবন্দী কৰি পেলোৱা নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More